বনকৰা কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ উচ্চপদস্থ আৰক্ষী বিষয়াৰ বিৰুদ্ধে

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 2:26 PM IST

thumbnail

দেৰগাঁও, 17 মাৰ্চ : বনকৰা কিশোৰীক শোষণৰ অভিযোগ তুলি শনিবাৰৰ নিশা দেৰগাঁও আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি । দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত কৰ্মৰত হৈ থকা কিৰণ নাথ নামৰ উচ্চপদস্থ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী বনকৰা কিশোৰীৰ পৰিয়ালৰ লোকে । পোন্ধৰ বছৰীয়া কিশোৰীগৰাকীক শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি আৰক্ষী থানা চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পৰিয়ালৰ লোকৰ লগতে দল-সংগঠনৰ নেতৃত্বই । 

কিশোৰীগৰাকীৰ পৰিয়ালে জনোৱা মতে কিশোৰীগৰাকী সৰুৰে পৰা আৰক্ষী বিষয়া কিৰণ নাথৰ গৃহত বনকৰা ছোৱালী হিচাপে কৰ্মৰত আছিল । বহুদিন ধৰি আৰক্ষী বিষয়া কিৰণ নাথে কিশোৰীগৰাকীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ উপৰিও যৌন আতিশয্য চলাই আহিছিল বুলি গুৰুতৰ অভিযোগ তোলে ভুক্তভোগী পৰিয়ালটোৱে । 

আনকি শুকুৰবাৰে সন্ধিয়া সময়ত বনকৰা কিশোৰীগৰাকীৰ ঘৰলৈ গৈ আৰক্ষী বিষয়া কিৰণ নাথে বিভিন্ন ভাবুকি প্ৰদান কৰে বুলি কিশোৰীগৰাকীৰ পৰিয়ালে জনায় ৷ পৰিয়ালৰ লোকে দেৰগাওঁ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অৱগত কৰিবলৈ অহাৰ সময়তে অভিযুক্ত কিৰণ নাথৰ পত্নীয়ে থানা চৌহদত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে বুলি ভুক্তভোগী পৰিয়ালটোৱে জনায় ৷

পৰিয়ালৰ লোকে ইতিমধ্যে দেৰগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন শোষণৰ অভিযোগ ছাত্ৰীৰ; এজাহাৰ দাখিল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.