বনকৰা কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ উচ্চপদস্থ আৰক্ষী বিষয়াৰ বিৰুদ্ধে - Allegation of sexual harassment

🎬 Watch Now: Feature Video

thumbnail
বনকৰা কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ উচ্চপদস্থ আৰক্ষী বিষয়াৰ বিৰুদ্ধে (undefined)

By ETV Bharat Assamese Team

Published : March 17, 2024 at 2:26 PM IST

1 Min Read
Choose ETV Bharat

দেৰগাঁও, 17 মাৰ্চ : বনকৰা কিশোৰীক শোষণৰ অভিযোগ তুলি শনিবাৰৰ নিশা দেৰগাঁও আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি । দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত কৰ্মৰত হৈ থকা কিৰণ নাথ নামৰ উচ্চপদস্থ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী বনকৰা কিশোৰীৰ পৰিয়ালৰ লোকে । পোন্ধৰ বছৰীয়া কিশোৰীগৰাকীক শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি আৰক্ষী থানা চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পৰিয়ালৰ লোকৰ লগতে দল-সংগঠনৰ নেতৃত্বই । 

কিশোৰীগৰাকীৰ পৰিয়ালে জনোৱা মতে কিশোৰীগৰাকী সৰুৰে পৰা আৰক্ষী বিষয়া কিৰণ নাথৰ গৃহত বনকৰা ছোৱালী হিচাপে কৰ্মৰত আছিল । বহুদিন ধৰি আৰক্ষী বিষয়া কিৰণ নাথে কিশোৰীগৰাকীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ উপৰিও যৌন আতিশয্য চলাই আহিছিল বুলি গুৰুতৰ অভিযোগ তোলে ভুক্তভোগী পৰিয়ালটোৱে । 

আনকি শুকুৰবাৰে সন্ধিয়া সময়ত বনকৰা কিশোৰীগৰাকীৰ ঘৰলৈ গৈ আৰক্ষী বিষয়া কিৰণ নাথে বিভিন্ন ভাবুকি প্ৰদান কৰে বুলি কিশোৰীগৰাকীৰ পৰিয়ালে জনায় ৷ পৰিয়ালৰ লোকে দেৰগাওঁ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অৱগত কৰিবলৈ অহাৰ সময়তে অভিযুক্ত কিৰণ নাথৰ পত্নীয়ে থানা চৌহদত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে বুলি ভুক্তভোগী পৰিয়ালটোৱে জনায় ৷

পৰিয়ালৰ লোকে ইতিমধ্যে দেৰগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন শোষণৰ অভিযোগ ছাত্ৰীৰ; এজাহাৰ দাখিল

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details