ঠিকাদাৰে ১ কোটি ৯ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ ব্যৱসায়ীৰ

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 4:29 PM IST

thumbnail

বৰপেটা, ৩১ জানুৱাৰী: ঠিকাদাৰ ফয়জুল হকে বৃহৎ পৰিমানৰ ধন বন্ধুৰ পৰা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে ব্যৱসায়ী নেপাল ঘোষে । আজি বৰপেটা প্ৰেছ ক্লাৱত ব্যৱসায়ী নেপাল ঘোষে এক সংবাদমেল সম্বোধন কৰি বন্ধুৱেই তেওঁৰ বাবে কাল হোৱা বুলি কয় । তেওঁ বন্ধুক বিশ্বাস কৰি সৰ্বস্বান্ত হোৱা বুলি কয় ব্যৱসায়ীজনে ৷ বন্ধুৰ বিশ্বাসঘাতকতাৰ ফলত নিজৰ থকা ঘৰ, ব্যৱসায় সকলো নোহোৱা হ'ল নেপাল ঘোষৰ ।  

সংবাদমেলত ব্যৱসায়ী নেপাল ঘোষে অভিযোগ উত্থাপন কৰি কয় যে নিজৰ ঘনিষ্ঠ বন্ধু ঠিকাদাৰ ফয়জুল হকে ঠিকাৰ কামত অংশীদাৰী দিয়াৰ নামত বৱসায়ীজনৰ পৰা ১ কোটি ৯ লাখ টকা লৈছিল ৷ পিছে ঠিকাৰ বিল মুকলি হোৱাৰ পিচতো ঠিকাদাৰ ফয়জুল হকে ধন ঘুৰাই নিদিলে ব্যৱসায়ীজনক ৷ আনৰ পৰা ঋণ লৈ ফয়জুল হকক টকা দিয়া ব্যৱসায়ীজনে উপায়ন্তৰ হৈ নিজৰ ঘৰ-মাটি পৰ্যন্ত বিক্ৰি কৰি ভাড়াঘৰত থাকিবলগীয়া হৈছে ৷ ফয়জুল হকে টকা লোৱাৰ প্ৰমাণ আছে নেপাল ঘোষৰ ওচৰত । অৱশেষত ব্যৱসায়ীজনে সংবাদমেলৰ জৰিয়তে ন্যায় বিচাৰি মুখ্যমন্ত্ৰীক অনুৰোধ জনায় পৰিয়ালটোৰ সদস্য়সকলৰ জীৱন ৰক্ষা কৰিবলৈ ।

লগতে পঢ়ক:চৰকাৰী আঁচনি, কৃষকৰ অনীহাৰ বাবে অসমত কমিছে নেকি ধানৰ উৎপাদন !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.