ৰহাৰ আমচৈত বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 5:39 PM IST

thumbnail

ৰহা, 25 জানুৱাৰী : নগাঁও জিলাৰ ৰহাৰ আমচৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ৷ প্ৰধান শিক্ষক আৰু শ্ৰেণীকোঠা নিৰ্মাণত জড়িত অভিযন্তাৰ বিৰুদ্ধে প্ৰয়োজনতকৈ কম তথা নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

ৰাইজৰ অভিযোগ বিদ্যালয়খনৰ শ্ৰেণীকোঠা নিৰ্মাণত 16mmৰ 8 ডাল ৰড ব্যৱহাৰ কৰাৰ সলনি ব্যৱহাৰ কৰিছে 4 ডাল ৰড আৰু 12mmৰ 4 ডাল ৰড ব্যৱহাৰ কৰাৰ সলনি ব্যৱহাৰ কৰিছে 2 ডাল ৰড ৷ অৰ্থাৎ সৰ্বমুঠ 12 ডাল ৰড ব্যৱহাৰ কৰাৰ সলনি ব্যৱহাৰ কৰিছে 6 ডাল ৰড ৷ তিনিমহলীয়া এই নিৰ্মীয়মান শ্ৰেণী কোঠাত এনে নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত সহকাৰী অভিযন্তা দীপক কুমাৰ নাথ আৰু প্ৰধান শিক্ষক অৰূপ চন্দ্ৰ নাথে হেতালি খেলিব খোজা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

এইক্ষেত্ৰত প্ৰধান শিক্ষক আৰু সহকাৰী অভিযন্তা গৰাকীয়ে প্ৰথমে দায়সৰা মন্তব্য দিয়ে যদিও পিছলৈ ভুল স্বীকাৰ কৰি শ্ৰেণীকোঠাটো পুনঃনিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ প্ৰধান শিক্ষক আৰু অভিযন্তাগৰাকীৰ এনে কাণ্ডক লৈ এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ ৷ সমগ্ৰ বিষয়টো সন্দৰ্ভত এক উচিত তদন্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে ৷ 

লগতে পঢ়ক : চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে বৰপেটাৰোডত আছু কৰ্মীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.