সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সমাজৰ দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 9:18 PM IST

thumbnail

গোলাঘাট, 29 জানুৱাৰী : গোলাঘাট পূৱ শিক্ষা খণ্ডৰ প্ৰাথমিক খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড মিছন সমন্বয়কৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় সোমবাৰে । বিনা চৰ্তে বেতন সুৰক্ষাসহ চাৰি নিয়মীয়াকৰণৰ লগতে বিকল্প ব্যৱস্থা প্ৰত্যাহাৰৰ দাবীত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লয় । ইয়াকে নকৰিলে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰে ।

বিকল্প ব্যৱস্থাৰে নিয়মীয়াকৰণৰ ষড়যন্ত্ৰ বন্ধ কৰক, আমাক শিক্ষকৰ মৰ্যাদা লাগিবই, আমাৰ বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়া কৰক আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদমুখৰ হৈ পৰে শিক্ষক সমাজ । সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বান মৰ্মে গোলাঘাট টেট শিক্ষক সমাজৰ উদ্যোগত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলে দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । ইয়াৰ পিচতো যদি চৰকাৰৰ গা নলৰে তেন্তে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলে ৷

লগতে পঢ়ক : ঠিকাভিত্তিক শিক্ষকৰ আন্দোলনত স্থবিৰ ৰাজ্যৰ বিদ্যালয়ৰ পাঠদান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.