ETV Bharat / state

ঠিকাভিত্তিক শিক্ষকৰ আন্দোলনত স্থবিৰ ৰাজ্যৰ বিদ্যালয়ৰ পাঠদান

Teacher protest: চৰকাৰে নিয়মীয়াকৰণৰ নামত জাপি দিয়া বিকল্প ব্যৱস্থা প্ৰত্যাহাৰ নকৰাৰ প্ৰতিবাদ সদৌ অসম প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ । আজিৰে পৰা অচল ৰাজ্যৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা । ২৭ জানুৱাৰীলৈ পাঠদানৰ পৰা বিৰত থাকিব ২৫ হাজাৰ ঠিকাভিত্তিক শিক্ষক । শিক্ষা বিভাগে দুটা বিকল্প উপায়েৰেহে শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে দিয়া নিৰ্দেশনাই শিক্ষকসকলে দশকজুৰি আগবঢ়াই অহা সেৱা, শ্ৰম, অভিজ্ঞতা, পদমর্যাদা আদিক পলকতে নস্যাৎ কৰাৰ অভিযোগ সদৌ অসম টেট উত্তীর্ণ প্ৰাথমিক শিক্ষক সমাজৰ ।

Teacher protest in Assam
Contractual teachers
author img

By ETV Bharat Assamese Team

Published : January 24, 2024 at 5:20 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, ২৪ জানুৱাৰী: ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে বিকল্প ব্যৱস্থা বাতিল কৰাৰ দাবীত আজিৰে পৰা ২৭ জানুৱাৰীলৈ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত ব্যাহত থাকিব পাঠদান । ৰাজ্যৰ প্ৰাথমিক শিক্ষানুষ্ঠানত শিক্ষাদান কৰা ঠিকাভিত্তিকভাৱে নিযুক্ত শিক্ষকসকলে বিদ্যালয়ত উপস্থিত থাকিলেও আজিৰে পৰা পাঠদানৰ পৰা বিৰত আছে ।

উল্লেখ্য যে, বিদ্যালয় শিক্ষা বিভাগে নতুন নিযুক্তিৰ সময়ৰ দৰমহা গাঁথনিৰে চাকৰি নিয়মীয়াকৰণ বিচাৰিব নে বৰ্তমানৰ দৰমহাৰে ঠিকাভিত্তিক হৈ থাকিব, সেই কথা শিক্ষা বিভাগক ৩০ জানুৱাৰীৰ ভিতৰত প্ৰ-পত্ৰ পূৰণ কৰি জনাবলৈ শিক্ষা বিভাগে জাননী জাৰি কৰিছে । এই জাননীৰ পাছতে সদৌ অসম প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সমাজে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে । চাকৰি নিয়মীয়াকৰণৰ নামত যদি বিকল্প ব্যৱস্থা প্ৰত্যাহাৰ নকৰে তেন্তে ঠিকাভিত্তিক শিক্ষকসকলে অনিৰ্দিষ্ট কাললৈ শিক্ষা সেতু, গুণোৎসৱকে ধৰি শিক্ষা বিভাগে দিয়া সকলো কার্যত সৰ্বাত্মক অসহযোগ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে ।

পূৰ্বে ঘোষণা কৰা আন্দোলনৰ কাৰ্যসূচী অনুসৰি ঠিকাভিত্তিক শিক্ষকসকলে আজিৰে পৰা ২৭ জানুৱাৰীলৈ কৰ্ম বিৰতি পালন কৰিছে । ইয়াৰ পিছতো দাবী পূৰণ নকৰিলে শিক্ষকসকলে ২৯ জানুৱাৰীত সৰ্বশিক্ষা ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিব । শিক্ষা বিভাগে দুটা বিকল্প উপায়েৰেহে শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে দিয়া নিৰ্দেশনাই শিক্ষকসকলে ১০/১১ বছৰে আগবঢ়াই অহা সেৱা, শ্ৰম, অভিজ্ঞতা, পদমর্যাদা আদিক পলকতে নস্যাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম টেট উত্তীর্ণ প্ৰাথমিক শিক্ষক সমাজে ।

স্বাভাৱিকতে চাকৰি নিয়মীয়াকৰণৰ নামত দুটা ব্যৱস্থাৰ এটা গ্ৰহণ কৰিবলৈ বিদ্যালয় শিক্ষা বিভাগে জাননী জাৰি কৰাত ক্ষুব্ধ হৈ পৰিছে ঠিকাভিত্তিক শিক্ষকসকল । নিয়মীয়াকৰণৰ নামত প্ৰণয়ন কৰা বঞ্চনাপূর্ণ বিকল্প ব্যৱস্থা বিদ্যালয় শিক্ষা বিভাগে বাতিল কৰিবই লাগিব । অন্যথা অব্যাহত থাকিব আন্দোলন । এই সকিয়নী ঠিকাভিত্তিক শিক্ষকৰ ।

ইফালে ঠিকাভিত্তিক শিক্ষকৰ কৰ্ম বিৰতিত অচল হৈ পৰিছে ৰাজ্যৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা । কাৰণ ৰাজ্যৰ প্ৰাথমিক শিক্ষানুষ্ঠানত শিক্ষাদান কৰা অধিকাংশ শিক্ষকেই ঠিকাভিত্তিকভাৱে নিযুক্ত হৈ আছে ।

প্ৰায় ২৫ হাজাৰ শিক্ষক ঠিকাভিত্তিক নিয়োজিত হৈ আছে । সদৌ অসম প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদক পাৰ্থপ্ৰতিম গগৈয়ে কয় যে চাকৰি নিয়মীয়াকৰণৰ নামত যদি বিকল্প ব্যৱস্থা প্ৰত্যাহাৰ নকৰে তেন্তে আন্দোলন অব্যাহত থাকিব । শিক্ষা বিভাগৰ নিৰ্দেশনাত দৰাচলতে শিক্ষকসকলৰ প্ৰতি কৰা অপমান আৰু চৰকাৰী ঘোষণাৰ মিথ্যাচাৰ স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে ।

তেওঁ কয় যে ১৫ আগষ্টত স্বাধীনতা দিৱসৰ দিনা পবিত্ৰ ৰাষ্ট্ৰীয় পতাকাৰ তলত স্বয়ং মুখ্যমন্ত্ৰীয়ে ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ কথা ঘোষণা কৰিছিল । তেতিয়া মুখ্যমন্ত্ৰীয়ে এনেকুৱা কিবা বিকল্প ব্যৱস্থা ৰখা হ’ব বুলি উল্লেখ কৰা নাছিল । তেনেস্থলত ৰাষ্ট্ৰীয় পতাকাৰ তলত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা ঘোষণাৰ বিপৰীতে শিক্ষা বিভাগে বিকল্প ব্যৱস্থা জাৰি কৰাটো চৰম দুৰ্ভাগ্যজনক ।

তেওঁ লগতে কয় যে শিক্ষা বিভাগে এই নিৰ্দেশনা বাতিল নকৰিলে ঠিকাভিত্তিক শিক্ষকসকলে শৈক্ষিক ক্ষেত্ৰত সৰ্বাত্মক অসহযোগিতা তথা চৰম গণতান্ত্ৰিক কাৰ্যসূচী পালন কৰিবলৈ বাধ্য হ’ব আৰু এইক্ষেত্ৰত ৰাজ্যৰ শিক্ষাখণ্ডত যি ক্ষতি হ’ব, তাৰ বাবে সম্পূৰ্ণ জগৰীয়া হ’ব শিক্ষা বিভাগ আৰু ৰাজ্য চৰকাৰ ।

লগতে পঢ়ক: মাধ্যম বিতৰ্কক লৈ কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড় আৰু দক্ষিণ কামৰূপত আছুৰ প্ৰতিবাদ