দিপাংক নাথে ক্ষমতাৰ বাবে বিজেপিত যোগ দিছে: অজাপ নেতা মাণিক গগৈ

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 5:22 PM IST

thumbnail

ডিব্ৰুগড়, 28 জানুৱাৰী : আছুৰ প্ৰাক্তন সভাপতি দিপাংক নাথে দেওবাৰে বিজেপিত যোগদান কৰাৰ পাচতে ৰাজ্যৰ ভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এসময়ত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰাক্তন আছু নেতা দিপাংক নাথক সমালোচনাৰে থকা-সৰকা কৰিছে এসময়ৰ সতীৰ্থসকলে ৷ ‘‘পৃথিৱীত বিশ্বাসঘাতক আৰু প্ৰতাৰকৰ স্থান নাই’’ বুলি ন-বিজেপি দিপাংক নাথলৈ শক্তিশেল এৰিলে তেওঁৰে এসময়ৰ সতীৰ্থ বৰ্তমান অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক মাণিক গগৈয়ে ৷

তেওঁ কয়, ‘‘কেতিয়াও বিজেপিৰ ওচৰত আত্মসমৰ্পণ নকৰো বুলি কোৱা প্ৰাক্তন ছাত্ৰ নেতাজন ক্ষমতাৰ বাবে বিজেপিলৈ গৈছে ৷ আছুত থাকি এটা কথা, আছুৰ পৰা ওলাই যোৱাৰ পাছত বিপৰীত স্থিতি লোৱা উচিত নাছিল ৷ বিশ্বাসঘাতক আৰু প্ৰতাৰকসকলক অসমৰ ৰাইজে চিনি পাইছে ৷ কা আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দি নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদ গঠন কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা লোৱা নাথে ক্ষমতাৰ বাবে বিজেপিত যোগদান কৰিছে ৷’’

লগতে পঢ়ক : কংগ্ৰেছী আৰু প্ৰাক্তন ছাত্ৰ নেতাৰে বিজেপিৰ আজি বৃহৎ যোগদান সমাৰোহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.