শিৱসাগৰত অগপ নেতা-কৰ্মীৰ ৰাইজৰ দলত যোগদান - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 7:30 PM IST

thumbnail

শিৱসাগৰ,১৬ এপ্ৰিল: প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত মিত্ৰজোঁটত আঘাত । শিৱসাগৰত ৰাইজৰ দলত যোগদান কৰিলে অসম গণ পৰিষদৰ ৩০ গৰাকী বিষয়ববীয়াই । প্ৰাক্তন ৱাৰ্ড কমিচনাৰ ৰাতুল গগৈৰ নেতৃত্বত ৰাইজৰ দলত যোগদান কৰে অসম গণ পৰিষদৰ ৩০ গৰাকী বিষয়ববীয়াই । ৰাইজৰ দলৰ শিৱসাগৰ কাৰ্যলয়ত বিধায়ক অখিল গগৈৰ উপস্থিতিত অনুষ্ঠিত যোগদান কাৰ্যসূচীত যোগদান কৰে কৰ্মীসকলে । যোগদান কাৰ্যসূচীৰ পিচতে অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । 

তেওঁ কয় যে, অগপৰ প্ৰতি ৰাইজৰ মোহভংগ হৈছে । কাৰণ অগপ বিজেপিৰ লেমটো হোৱাৰ বাহিৰে আন একো কাম নাই । ‌অসমত অনাগত দিনত সকলো আঞ্চলিক শক্তিক লগ কৰি ঐক্যবদ্ধভাৱে এটা আঞ্চলিক দল গঠন কৰা হ'ব বুলিও ঘোষণা অখিল গগৈৰ । আগন্তুক লোকসভা নিৰ্বাচনত লুৰীণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক জয়ী কৰোৱাৰো আহ্বান অখিল গগৈৰ । মুখ্যমন্ত্ৰীক চেলেপু আখ্যা দি অখিল গগৈয়ে কয় যে তেওঁ কামাখ্যা মন্দিৰলৈ তিনিবাৰহে গৈছে । কাৰণ তেওঁ কামাখ্যা মন্দিৰলৈ নগৈ নামঘৰলৈ যায় বুলি উল্লেখ কৰি কয় যে য'তে নামঘৰ দেখো মুৰ দুপিয়াই যাওঁ । 

লগতে পঢ়ক: বিজেপিয়ে কামৰ খতিয়ান দাঙি ধৰিব নোৱাৰি কংগ্ৰেছক গালি পাৰিয়েই চলাইছে প্ৰচাৰ : কংগ্ৰেছ - Lok Sabha Elections 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.