৫ টা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰিছে অগপই

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 11:00 PM IST

thumbnail

ডিব্ৰুগড়, 3 ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম গণ পৰিষদে সাংগঠনিক কাম-কাজ আগুৱাই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে । সমষ্টি নিৰ্ধাৰণ ফলত নতুনকৈ গঠন হোৱা লাহোৱাল-চাবুৱা সমষ্টিত শনিবাৰে অনুষ্ঠিত হ'ল অগপৰ প্ৰথমখন ত্ৰি-বাৰ্ষিক অধিৱেশন । কেবা সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিৰে অনুষ্ঠিত হ'ল লাহোৱাল-চাবুৱা সমষ্টিৰ প্ৰথমখন ত্ৰি-বাৰ্ষিক অধিৱেশন ।

উক্ত অধিৱেশনত সমষ্টিটোৰ ১৮ খন আঞ্চলিক সমিতি আৰু এখন নগৰ সমিতিৰ লোকে অংশগ্ৰহণ কৰে । উল্লেখ্য যে বিভিন্ন দল-সংগঠনৰ প্ৰায় ২০০ লোকে অধিৱেশনৰ মুকলি সভাত আনুষ্ঠানিকভাৱে অগপ দলত যোগদান কৰে । দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে চাবুৱা বহুমুখী প্ৰকল্প ভৱনত অনুষ্ঠিত অধিৱেশনত স্থানীয় বিধায়ক তথা অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পোণাকণ বৰুৱাই কয় যে নতুনকৈ গঠন হোৱা লাহোৱাল-চাবুৱা সমষ্টিত অগপৰ সাংগঠনিক দিশত শক্তিশালী কৰা হৈছে । অহা লোকসভা নিৰ্বাচনত মিত্ৰদলৰ প্ৰাৰ্থীগৰাকীয়ে লাহোৱাল চাবুৱা সমষ্টিৰ পৰা বৃহৎ পৰিমাণৰ ভোট লাভ কৰিব ।

৫ টা লোকসভা সমষ্টিত অগপই প্ৰাৰ্থিত্ব বিচাৰিব বুলি কোৱাৰ লগতে অগপই ৰাজ্যৰ ১৪ টা লোকসভাত সমষ্টিৰ যিকোনো সমষ্টিতে প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হৈ আছে বুলি কয় পোণাকণ বৰুৱাই  । উক্ত অনুষ্ঠানত বিধায়ক তথা অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পোণাকণ বৰুৱা, সম্পাদক পুতুল সোণোৱাল, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি আদিত্য গোস্বামী, মহিলা পৰিষদৰ কেন্দ্ৰীয় উপ- সভাপতি অঞ্জলি গগৈ,  চাহ পৰিষদৰ সভাপতি প্ৰমোদ ভেংৰাকে ধৰি কেবাগৰাকীও অগপৰ শীৰ্ষ নেতৃত্ব উপস্থিত থাকে ।

লগতে পঢ়ক: আজমলৰ লক্ষ্য নগাঁও লোকসভা, ধিঙত বিশাল জনসভাত বদৰুদ্দিন আজমল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.