ETV Bharat / politics

আজমলৰ লক্ষ্য নগাঁও লোকসভা, ধিঙত বিশাল জনসভাত বদৰুদ্দিন আজমল

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 10:12 PM IST

AIUDF: লোকসভা নিৰ্বাচনত যুঁজাৰ বাবে সাজু হৈছে এ আই ইউ ডি এফো ৷ শনিবাৰে ধিঙত এক বিশাল জনসভা অনুষ্ঠিত হয় দলটোৰ ৷ সভাত উপস্থিত থাকে দলটোৰ সভাপতি বদৰুদ্দিন আজমল ৷

Badruddin Ajmal
ধিঙত বদৰুদ্দিন আজমলৰ বিশাল জনসভা

ধিঙত বদৰুদ্দিন আজমলৰ বিশাল জনসভা

নগাঁও, 3 ফেব্ৰুৱাৰী: চমু চাপিছে লোকসভা নিৰ্বাচনৰ দিন ৷ বাকী ৰাজনৈতিক দলসমূহৰ দৰে এ আই ইউ ডি এফো ব্যস্ত হৈ পৰিছে ভোটাৰক আকৰ্ষণ কৰাৰ বাবে ৷ শনিবাৰে নগাঁও লোকসভা সমষ্টিত পুনৰ নিৰ্বাচনী ৰণডংকা বজালে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন অজমলে ।

  • " class="align-text-top noRightClick twitterSection" data="">

নগাঁৱৰ ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজাবাৰী খেল পথাৰত অনুষ্ঠিত হোৱা এ আই ইউ ডি এফৰ যুৱ মৰ্চাৰ যুৱ সমাৰোহত অংশগ্ৰহণ কৰি নিৰ্বাচনী ৰণশিঙা বজায় বদৰুদ্দিন অজমলে । সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এ আই ইউ ডি এফৰ সভাত ভাষণ প্ৰসংগত শাসকীয় বিজেপিৰ লগতে বিৰোধী কংগ্ৰেছকো সমালোচনা কৰে সাংসদ বদৰুদ্দিন আজমলে । ধিং সমষ্টিত অনুষ্ঠিত হোৱা বিশাল সমাৰোহখনত উপস্থিত থাকি বিশেষকৈ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমনাত্মক হৈ পৰে দলটোৰ নগাঁও লোকসভা সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থী তথা বিধায়ক আমিনুল ইছলাম ।

এ আই ইউ ডি এফ দলৰ যুৱ সমাৰোহত জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম, দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমান, ধিঙৰ বিধায়ক আলহাজ আমিনুল ইছলামকে আদি কেবাজনো কেন্দ্ৰীয় আৰু জিলাৰ পৰ্যায়ৰ নেতা উপস্থিত থাকি কংগ্ৰেছ আৰু বিজেপিক ক্ষুৰদ্বাৰ সমালোচনা কৰে ।

উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰায়সমূহ বিৰোধী দল একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে কঁকালত টঙালি বান্ধিছে যদিও সেই একত্ৰিত শক্তিত নাই বদৰুদ্দিন আজমল ৷ ইণ্ডি এলায়েন্সত প্ৰৱেশ কৰিব নোৱাৰি বিশেষকৈ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰা দেখা গৈছে এ আই ইউ ডি এফ প্ৰধানা বদৰুদ্দিন আজমল ৷ সেই ক্ষোভ প্ৰতিখন ৰাজনৈতিক সভাতে ওজৰা দেখা গৈছে বদৰুদ্দিন আজমলে ৷

লগতে পঢ়ক: নগাঁৱত গৌৰৱ গগৈ হাৰিব, আমি জিকিম : আজমল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.