নগাঁৱত গৌৰৱ গগৈ হাৰিব, আমি জিকিম : আজমল
AIUDF Badruddin Ajmal slams Bhupen Borah : কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰৱ সাংসদ বদৰুদ্দি আজমল ৷ ‘‘লজ্জা থকা হ’লে সভাপতি পদৰ পৰা পদত্যাগ কৰিলেহেতেন ভূপেন বৰাই ৷’’ এই মন্তব্য আজমলৰ ৷

Published : February 1, 2024 at 8:28 AM IST
গোৱালপাৰা, 1 ফ্ৰেব্ৰুৱাৰী : সাংসদ বদৰুদ্দিন আজমলৰ বাবে এতিয়া কংগ্ৰেছ হৈ পৰিছে ‘‘চকুৰ কুটা দাঁতৰ শাল’’ৰ দৰে ৷ ‘‘ৰাহুল অহাৰ সময়ত কংগ্ৰেছে এখন আসন পাব বুলি ভাবিছিলো, কিন্তু ৰাহুল যোৱাৰ পাচত কংগ্ৰেছে এখনো আসন নাপাব যেন লাগিছে ’’ বুলি পুনৰ কংগ্ৰেছক সমালোচনা এ আই ইউ দি এফৰ প্ৰধান সাংসদ বদৰুদ্দিন আজমলৰ ৷
বুধবাৰে নিশা গোৱালপাৰাৰ বাশবাৰীত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰে সাংসদগৰাকী ৷ বিশেষকৈ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক কটাক্ষ কৰি সাংসদ আজমলে কয় যে, ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই একো দিব নোৱাৰিলে, বৰং তেওঁ গুছি যোৱাৰ পিছে পিছে বহু কেইগৰাকী নেতাই কংগ্ৰেছ এৰি অন্য দলত যোগদান কৰিলে ৷ ইফালে লোকসভা নিৰ্বাচনত এ আই ই ডি এফে তিনিখন আসন লাভ কৰিব বুলি আত্মবিশ্বাসী সাংসদ আজমল ৷
ভূপেন বৰাক কটাক্ষ কৰি তেওঁ কয়, ‘‘ কংগ্ৰেছ দলটো অসমতো টুকুৰা টুকুৰ হৈ আছে বাহিৰতো হৈ আছে ৷ লজ্জা থকা হ’লে সভাপতি পদৰ পৰা পদত্যাগ কৰি বাৰানসীত গৈ ৰাম নাম লৈ থাকিব লাগিছিল ভূপেন বৰাই ৷ কংগ্ৰেছে পানী একাপ খাবলৈ দিব নোৱাৰে, কাৰণ কংগ্ৰেছ হৈছে এটা ভঙা কাপ ৷ কেবল টকাৰ লোভতহে আমাৰ ভাইসকল কংগ্ৰেছৰ লগত আছে ৷’’
আনহাতে নগাঁও লোকসভা সমষ্টি কাৰ দখললৈ যাব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সাংসদ আজমলে কয়, ‘‘গৌৰৱ গগৈ হাৰিব ৷ আমি জিকিম ৷ কংগ্ৰেছ হ’ল বিজেপিৰ ‘এ’ টিম ৷’’ উল্লেখ্য যে, I.N.D.I.Aত চামিল হোৱাৰ ক্ষেত্ৰত ৰাহুলে সাংসদ আজমলৰ পথ বন্ধ কৰাৰ লগে লগে কংগ্ৰেছক আক্ৰমণৰ টাৰ্গেট কৰি লৈছে ৷
লগতে পঢ়ক : ৩ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

