ETV Bharat / state

৩ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 6:20 PM IST

Updated : Jan 31, 2024, 7:43 PM IST

PM Modi Assam visit
PM Modi Assam tour

PM Modi Assam tour: দুদিনীয়া ভ্ৰমণসূচীৰে অহা ৩ ফেব্ৰুৱাৰীত অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব কেবাটাও প্ৰকল্পৰ ৷

গুৱাহাটী, ৩১ জানুৱাৰী: দেশত এতিয়া লোকসভা নিৰ্বাচনৰ দামামা বাজিছে ৷ ফেব্ৰুৱাৰী মাহৰ ভিতৰতে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা । তাৰ পূৰ্বেই দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । অহা ৩ আৰু ৪ ফেব্ৰুৱাৰীত অসমত এলানি চৰকাৰী আৰু বেচৰকাৰী কাৰ্যসূচী লৈ উপস্থিত হ’বহি প্ৰধানমন্ত্ৰীগৰাকী ৷

এই দুটা দিনত অসমত একাধিক প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই কথা ইতিমধ্যেই সদৰী কৰিছে মন্ত্ৰী তথা চৰকাৰৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাৰ লগতে মন্ত্ৰী অশোক সিংহলে ৷

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ ব্যস্ত হৈ পৰিছে অসম চৰকাৰৰ গৃহ-ৰাজনৈতিক বিভাগ আৰু ৰাজ্যিক বিজেপিৰ নেতৃত্ব ৷ শেহতীয়াভাৱে অসমত হৈ যোৱা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰত্যুত্তৰ হিচাবেই প্ৰধানমন্ত্ৰীৰ এই অসম ভ্ৰমণৰ কাৰ্যসূচী বুলি ধাৰণা কৰা হৈছে ৷ আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী বৰ্তমানলৈকে ঘোষণা কৰা হোৱা নাই ৷

অৱশ্যে এইটো নিশ্চিত যে চৰকাৰী ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব যদিও একাধিক দলীয় কাৰ্যসূচীতো তেওঁ ভাগ লোৱাৰ সম্ভাৱনা আছে ।

উল্লেখযোগ্য যে মঙলবাৰে দুপৰীয়া অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আকস্মিকভাৱে দিল্লীলৈ ৰাওনা হয় । তাৰ পিচতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৩ আৰু ৪ ফেব্ৰুৱাৰীৰ অসম ভ্ৰমণ নিশ্চিত কৰা হয় ৷ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কাৰ্যসূচীৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ গৃহ-ৰাজনৈতিক বিভাগে ইতিমধ্যে ৰাজধানী দিছপুৰত বৈঠক অনুষ্ঠিত কৰিছে । অহা ৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত এক বিশাল জনসভাৰ লগতে ৰোড শ্ব’ও কৰিব বুলি বিজেপিৰ দলীয় সূত্ৰত প্ৰকাশ ।

আনহাতে ৩ জানুৱাৰী নিশাৰ ভাগতেই অসমত আহি উপস্থিত হ’বহি প্ৰধানমন্ত্ৰীগৰাকী । অসমৰ ১৪ খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে কমেও ১১ খন আসন জয়ৰ লক্ষ্য কৰি লৈছে বুলি ইতিমধ্যে ঘোষণা কৰিছে । সেয়ে লোকসভা নিৰ্বাচনক লৈ বিজেপিৰ শীর্ষ নেতৃত্বই অসমত সাংগঠনিক কাৰ্য-ক্ৰমণিকা বৃদ্ধি কৰিছে ৷

ইতিমধ্যে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহি ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাই থৈ গৈছে ৷ এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ বৃহৎ টোপোলা লৈ আগমন ঘটিব নৰেন্দ্ৰ মোদীৰ ৷

প্ৰধানমন্ত্ৰীৰ কি কি কাৰ্যসূচী থাকিব অসমত ?

৩ ফেব্ৰুৱাৰীত নিশাৰ ভাগলৈ অসমত প্ৰৱেশ কৰিব নৰেন্দ্ৰ মোদীয়ে । চৰকাৰীভাৱে এতিয়ালৈকে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সূচীৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই ৷ কিন্তু ৰাজ্যিক বিজেপিৰ সূত্ৰৰ মতে প্ৰধানমন্ত্ৰীয়ে ৪ ফেব্ৰুবাৰীত গুৱাহাটীৰ খানাপাৰা খেলপথাৰত এখন বিশাল সভাত ভাষণ দিব । লগতে এক ৰোড শ্ব’তো অংশগ্ৰহণ কৰাৰো সম্ভাৱনা আছে ৷

ইয়াৰ লগতে এই ভ্ৰমণতে প্ৰধানমন্ত্ৰীয়ে যোৰহাটৰ হোলোঙাপাৰাত নির্মাণ হোৱা অসমীয়া জাতিৰ স্বাভিমান স্বৰূপ মহাবীৰ লাচিতৰ সুবিশাল প্ৰতিমূৰ্তি উন্মোচন কৰাৰ কথা ৷ মহাবীৰ লাচিত মৈদামত অসম চৰকাৰৰ দ্বাৰা ১৫০ কোটি টকা খৰচেৰে নির্মাণ কৰা হৈছে ১২৫ ফুট উচ্চতাৰ লাচিতৰ সুবিশাল প্ৰতিমূৰ্তিটো ৷

ইয়াৰ উপৰিও কলিয়াভোমোৰাত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দ্বিতীয়খন দলং দেশৰ বাবে বাবে উৎসর্গা, ছ্যু-কা-ফা মেডিকেল উন্মোচন, শিৱসাগৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন, তিনিচুকীয়া মেডিকেল কলেজ উদ্বোধন, কামাখ্যা ক’ৰিডৰৰ আধাৰশিলা স্থাপন, বিখ্যাত আলাবৈ ৰণৰ স্মৃতি উদ্যানৰ আধাৰশিলা স্থাপন আদি একাধিক প্ৰকল্প উদ্বোধন কৰিব তেওঁ ৷ অসম ভ্ৰমণৰ লগতে একেলগে অৰুণাচল ভ্ৰমণ কৰি তাতো একাধিক চৰকাৰী প্ৰকল্প উন্মোচন আৰু আধাৰশিলা কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

লগতে পঢ়ক: কেজৰিৱাললৈ ইডিৰ পঞ্চমখন চমন প্ৰেৰণ; 2 ফেব্ৰুৱাৰীত তলব

Last Updated :Jan 31, 2024, 7:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.