ETV Bharat / bharat

কেজৰিৱাললৈ ইডিৰ পঞ্চমখন চমন প্ৰেৰণ; 2 ফেব্ৰুৱাৰীত তলব

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 5:50 PM IST

ED summons to Arvind Kejriwal: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিপদ এতিয়াও কমা নাই । বুধবাৰে পুনৰ চমন জাৰি কৰিছে প্ৰৱৰ্তক সঞ্চালকালয়ে । অহা 2 ফেব্ৰুৱাৰীত তলব কৰা হৈছে কেজৰিৱালক ৷

ED summons to Arvind Kejriwal
Delhi liquor scam

নিউজ ডেস্ক, 31 জানুৱাৰী: দিল্লী চৰকাৰৰ সুৰা নীতি কেলেংকাৰিৰ তদন্ত চলাই থকা ইডিয়ে পুনৰবাৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ চমন প্ৰেৰণ কৰিছে । এতিয়া কেজৰিৱালক 2 ফেব্ৰুৱাৰীত জেৰাৰ বাবে তলব কৰা হৈছে । ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী কেজৰিৱাললৈ চাৰিবাৰকৈ চমন পঠিওৱা হৈছিল যদিও সংস্থাটোৰ সন্মুখত হাজিৰ হোৱা নাছিল তেওঁ । কেজৰিৱালে কৈছিল যে ইডি বিজেপিয়ে চলাই আছে । লোকসভা নিৰ্বাচনৰ দুমাহ পূৰ্বে তেওঁক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে । এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলিও কেজৰিৱালে উল্লেখ কৰিছিল ৷ ।

দৰাচলতে দিল্লী সুৰা কেলেংকাৰীত কেজৰিৱালৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে এই সুৰা নীতি সন্দৰ্ভত খচৰা নীতি মুখ্যমন্ত্ৰী কেজৰিৱালৰ ঘৰত ৰচনা কৰা হৈছিল আৰু সমগ্ৰ বিষয়টো সন্দৰ্ভত তেওঁ জ্ঞাত ।

দিল্লী চৰকাৰৰ সুৰা নীতি কেলেংকাৰিৰ তদন্ত কৰি থকা ইডিয়ে নৱেম্বৰ মাহত কেজৰিৱাললৈ প্ৰথম চমন প্ৰেৰণ কৰিছিল । ইয়াৰ পিছত কেজৰিৱালে ইখনৰ পিছত সিখনকৈ পঠিওৱা সকলো চমনক আওকাণ কৰিছে । ইডিয়ে প্ৰেৰণ কৰা চমনৰ সলনি তেওঁ নিজৰ লিখিত উত্তৰ প্ৰেৰণ কৰিছিল ।

মুখ্যমন্ত্ৰী কেজৰিৱালে পূৰ্বে প্ৰেৰণ কৰা চমনৰ লিখিত উত্তৰ দিয়াৰ পিচতো ইডিয়ে এইদৰে অবিৰতভাৱে চমন প্ৰেৰণ কৰি আছে । আম আদমী পাৰ্টিৰ সূত্ৰ অনুসৰি কেজৰিৱাল বৃহস্পতিবাৰে চণ্ডীগড়লৈ যাব পাৰে । তাত মেয়ৰ নিৰ্বাচনত অনিয়ম হোৱাৰ যি অভিযোগ আম আদমী পাৰ্টিয়ে উত্থাপন কৰিছে তাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । ইয়াৰ পূৰ্বেও ইডিয়ে প্ৰেৰণ কৰা চমনৰ পিছত কেজৰিৱাল গুজৰাট আৰু গোৱাত নিৰ্বাচনী ভ্ৰমণলৈ গৈছিল ।

এই চিবিআইয়ে সুৰা কেলেংকাৰীত কেজৰিৱালক আগতেই জেৰা চলাইছে । এতিয়া ইডিয়ে চমন পঠোৱাৰ পিছত তেওঁক 2 ফেব্ৰুৱাৰী অৰ্থাৎ শুকুৰবাৰে ইডিৰ মুখ্য কাৰ্যালয়লৈ সোধা-পোছাৰ বাবে তলব কৰা হৈছে ৷ ইয়াৰ পূর্বে ইডিয়ে প্রেৰণ কৰা চমনৰ উত্তৰত কেজৰিৱালৰ আইনী দলটোৱে প্রতিটো আইনী চমন মানি ল’বলৈ সাজু বুলি উল্লেখ কৰিছিল ৷ ইডিৰ চমনক অবৈধ আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰা হৈছে ।

লগতে পঢ়ক: ন্য়ায় যাত্ৰাৰ মাজতে পশ্চিম বংগৰ মালদাত ৰাহুল গান্ধীৰ বাহনলৈ শিলগুটি নিক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.