ETV Bharat / bharat

ন্য়ায় যাত্ৰাৰ মাজতে পশ্চিম বংগৰ মালদাত ৰাহুল গান্ধীৰ বাহনলৈ শিলগুটি নিক্ষেপ

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 4:42 PM IST

Bharat jodo nyay yatra: পশ্চিম বংগত ৰাহুল গান্ধীৰ বাহনত আক্ৰমণৰ অভিযোগ ৷ ভাৰত জোড়ো ন্য়ায় যাত্ৰাৰ সময়তে এই আক্ৰমণ ৷

Bharat jodo nyay yatra
Rahul Gandhi Car Vandalized

মালদাত ৰাহুল গান্ধীৰ বাহনলৈ শিলগুটি নিক্ষেপ

নিউজ ডেস্ক, 31 জানুৱাৰী: বুধবাৰে মালদা জিলাত প্ৰৱেশ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ গাড়ীৰ খিৰিকীৰ কাঁচ ভাঙি দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপৰ অভিযোগ উত্থাপন হৈছে । বুধবাৰে হৰিশচন্দ্ৰপুৰৰ দেৱাংগঞ্জ অঞ্চলত সংঘটিত হোৱা এই ঘটনাৰ সময়তে গান্ধীৰ বংশক চাবলৈ ব্যাপক সংখ্যক লোকৰ সমাগম হয় ।

বিহাৰত কাৰ্যক্ৰম অন্ত পেলাই বুধবাৰে পুনৰ পশ্চিমবংগত প্ৰৱেশ কৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ৷ মালদা জিলাত প্ৰৱেশ কৰাৰ সময়তে ৰাহুল গান্ধীৰ গাড়ীত আক্ৰমণ চলাৰ অভিযোগ উঠিছে ৷ হৰিশচন্দ্ৰপুৰৰ দেৱাংগঞ্জ অঞ্চলত কোনো দুৰ্বৃত্তই শিলগুটি দলিওৱাত ৰাহুল গান্ধীৰ বাহনখনৰ খিৰিকীৰ আইনা ভাগি যায় ৷

পশ্চিমবংগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে পৰোক্ষভাৱে দোষাৰোপ কৰিছে তৃণমূল কংগ্ৰেছক ৷

‘‘আপোনালোকে ভালদৰেই জানে এই কাম কোনে কৰিব পাৰে ৷’’ এইদৰে ৰাজ্যৰ শাসক দললৈ আঙুলি টোঁৱায় অধীৰ চৌধুৰীয়ে ৷ ‘‘আমাক অনুমতি প্ৰদান কৰা হোৱা নাছিল ৷ আমি কোনোমতে এই ঠাই পাইছোঁ ৷ এই কেৱল অসহযোগ নহয়, ই বিৰোধিতা আৰু প্ৰশাসনৰ ঠেক মানসিকতাৰো পৰিচয় ৷’’ তেওঁ লগতে কয় ৷

অধীৰ চৌধুৰীয়ে কয় যে কংগ্ৰেছে কাকো হেয় জ্ঞান নকৰে, কিন্তু তেওঁলোক এই বিঘিনিৰ বলি হৈছে ৷ ‘‘তেওঁলোকে প্ৰতিটো খোজতে ৰাহুল গান্ধীক যিকোনো ধৰণে বাধা দি আহিছে ৷’’ কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ তোলে ৷

পশ্চিম বংগ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অভিযোগ তোলে যে যি ধৰণে অসহযোগিতা সম্ভৱ, প্ৰশাসনে সেই ধৰণেই কৰিছে ৷ ‘‘মই গাড়ীখনৰ ভিতৰত থকা বাবে কোনে শিলগুটি দলিয়াই গাড়ীৰ আইনা ভাঙিলে সেয়া দেখা নাপালোঁ ৷’’ তেওঁ কয় ৷

ইফালে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও 25 জানুৱাৰীত অসমৰ পৰা কোচবিহাৰত প্ৰৱেশ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাই পশ্চিমবংগত প্ৰৱেশ কৰাৰ দিনাই মালদাত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল । তেতিয়াও কংগ্ৰেছৰ সমাৱেশক কেন্দ্ৰ কৰি হুলস্থুলৰ সৃষ্টি হৈছিল । ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে যাত্ৰা পিছুৱাই দি দিল্লীলৈ উভতি যায় ।

পিছত ২৮ জানুৱাৰীত জলপাইগুৰিৰ পৰা পুনৰ ন্যায় যাত্ৰা আৰম্ভ হয় । স্মৰণীয় যে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই এই যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে বিঘিনি ঘটাৰ আশংকাত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ পত্ৰ লিখিছিল ।

লগতে পঢ়ক: আমি পুনৰ আহি আছো পূৰ্ণ বাজেট দাখিল কৰিবলৈ : প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.