ETV Bharat / bharat

আমি পুনৰ আহি আছো পূৰ্ণ বাজেট দাখিল কৰিবলৈ : প্ৰধানমন্ত্ৰী মোদী

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 2:04 PM IST

Updated : Jan 31, 2024, 2:30 PM IST

Budget session 2024 : নিৰ্বাচনৰ পিছত আমি পূৰ্ণ বাজেট দাখিলৰ বাবে সদনলৈ আহিম বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ৰাষ্ট্ৰপতিৰ ভাষণ শেষ হোৱাৰ পাচতে এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য প্ৰধানমন্ত্ৰীগৰাকীৰ ৷

pm modi says will come back for full budget after elections
আমি পূণৰ আহি আছো পূণ বাজেট দাখিল কৰিবলৈ

নিউজ ডেস্ক, 31 জানুৱাৰী : আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন ৷ সংসদৰ যুটিয়া অধিৱেশনত ৰাষ্ট্ৰপতিৰ ভাষণ শেষ হোৱাৰ পাচতে সংবাদমেলৰ সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ নিৰ্বাচনৰ পিছত আমি পূৰ্ণ বাজেট দাখিলৰ বাবে সদনলৈ আহিম বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

বিৰোধীলৈ বিশেষ আহ্বান জনাই আজিৰ সংবাদমেলত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, এই নতুন সংসদ ভৱনত আহ্বান কৰা প্ৰথম অধিৱেশনৰ শেষত নাৰী শক্তি বন্দন অধিনিয়মৰ মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ তেওঁ কয়, ‘‘ যোৱা ১০ বছৰত সকলোৱে সংসদত তেওঁলোকৰ বাবে উপযুক্ত কাম কৰিছিল ৷ কিন্তু যিসকলৰ সংসদত হুলস্থলীয়া পৰিৱেশ সৃষ্টি কৰাৰ অভ্যাস আছে তেওঁলোকে তেওঁলোকৰ সমষ্টিৰ লোকসকলক সুধিব পাৰে যে ৰাইজে তেওঁলোকক তাৰ বাবে মনত ৰাখে নেকি ৷’’

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, ‘‘২৬ জানুৱাৰীতো সমগ্ৰ দেশে নাৰী শক্তিৰ সামৰ্থ আৰু ইয়াৰ বীৰত্ব অনুভৱ কৰিছিল ৷ আমি মহিলা সশক্তিকৰণৰ প্ৰদৰ্শন দেখিছিলো ৷ আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে অধিৱেশনত ভাষণ প্ৰদান কৰি চৰকাৰক পথ প্ৰদৰ্শন কৰিলে আৰু কাইলৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অন্তৱৰ্তীকালীন বাজেট উপস্থাপন কৰিব ৷ এইটো নাৰী শক্তিৰ উৎসৱ ৷ মই সকলো সাংসদক এই অধিৱেশন এৰি নাযালৈ অনুৰোধ জনাইছো ৷"

আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁৰ দলৰ তৃতীয় কাৰ্যকালৰ বাবে আস্থা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ ভাষণত লগতে কয় যে তেওঁলোকে নিৰ্বাচনৰ পিছত পূৰ্ণ বাজেট উপস্থাপন কৰিব ৷ তেওঁ কয়, " নিৰ্বাচনৰ দিন চমু চাপি অহাৰ বাবে অন্তৱৰ্তীকালীন বাজেট উপস্থাপন কৰাটো পৰম্পৰা ৷ নিৰ্বাচনৰ পিছত আমি পুনৰ চৰকাৰ গঠন কৰাৰ পিছত আমি সম্পূৰ্ণ বাজেট উপস্থাপন কৰিম ৷"

লগতে পঢ়ক : 2023ত বিশ্বৰ ভিতৰতে দ্ৰুত অৰ্থনীতিৰ বিকশিত দেশ হিচাপে পৰিচিত হৈছিল ভাৰত: ৰাষ্ট্ৰপতি মূৰ্মু

Last Updated : Jan 31, 2024, 2:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.