ETV Bharat / bharat

2023ত বিশ্বৰ ভিতৰতে দ্ৰুত অৰ্থনীতিৰ বিকশিত দেশ হিচাপে পৰিচিত হৈছিল ভাৰত: ৰাষ্ট্ৰপতি মূৰ্মু

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 1:00 PM IST

president droupadi murmu addressing a joint sitting of parliament
2023ত বিশ্বৰ ভিতৰতে দ্ৰুত অৰ্থনীতিৰ বিকাশিত দেশ হিচাপে পৰিচিত হৈছিল ভাৰত

President Droupadi Murmu addressing of Joint Parliament : আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন আৰম্ভ হৈছে ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে সংসদৰ যুটীয়া অধিৱেশনত ভাষণ দিয়ে ৷

নিউজ ডেস্ক, 31 জানুৱাৰী : ৰাষ্ট্ৰপতিৰ ভাষণেৰে আজিৰ পৰা আৰম্ভ হ’ল সংসদৰ বাজেট অধিৱেশন ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে বুধবাৰে সংসদৰ যুটীয়া অধিৱেশনত ভাষণ প্ৰদান কৰি কয় যে, 2023 বৰ্ষটো দেশৰ বাবে এক ঐতিহাসিক বছৰ আছিল ৷ বিশ্বব্যাপী আৰ্থিক সংকটৰ পিছতো 2023 বৰ্ষটো ভাৰতৰ বাবে এক ঐতিহাসিক বছৰ আছিল ৷ কাৰণ মুখ্য অৰ্থনীতিসমূহৰ ভিতৰত ভাৰতৰ অৰ্থনীতিৰ বিকাশ আছিল দ্ৰুততম ।

ৰাষ্ট্ৰপতি মূৰ্মুৱে কয়, ‘‘নতুন সংসদ ভৱনত এইটো মোৰ প্ৰথমটো ভাষণ । এই বিশাল ভৱনটো অমৃত কালৰ আৰম্ভণিতে নিৰ্মাণ কৰা হৈছে । ইয়াত 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ' প্ৰতিপন্ন হৈছে ৷ চলিত বিত্তীয় বৰ্ষ 2023-24 ৰ এপ্ৰিল-জুন আৰু জুলাই-ছেপ্টেম্বৰ তিনিমাহত ভাৰতীয় অৰ্থনীতি ক্ৰমান্বয়ে 7.8 শতাংশ আৰু 7.6 শতাংশলৈ বৃদ্ধি পাইছিল ৷’’

ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, "মই নিশ্চিত যে এই নতুন ভৱনত নীতিৰ ওপৰত অৰ্থপূৰ্ণ বাৰ্তালাপ হ'ব । আমি সৰুৰে পৰা 'গৰীৱী হাটাও'ৰ শ্লোগান শুনা পাইছিলো । আমাৰ দেশত প্ৰথমবাৰৰ বাবে দৰিদ্ৰতা বৃহৎ পৰিমাণে হ্ৰাস হোৱা দেখিছো ।’’

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ৷ সাধাৰণতে লোকসভা নিৰ্বাচনৰ পিছত চৰকাৰ গঠন নোহোৱালৈকে মধ্যৱৰ্তী সময়ৰ বিত্তীয় প্ৰয়োজনীয়তাৰ যত্ন ল’ব । অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে কালি এক সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছিল ৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এক সৰ্বদলীয় বৈঠকত কৈছিল যে, 2024-25 বৰ্ষৰ অন্তৱৰ্তীকালীন কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় বিত্তীয় ব্যৱসায় আৰু ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদ প্ৰস্তাৱৰ ওপৰত আলোচনাত সমৰ্পিত হ'ব।

লগতে পঢ়ক : ৰাষ্ট্ৰপতিৰ ভাষণেৰে আজিৰে পৰা আৰম্ভ বাজেট অধিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.