ৰাজ্য চৰকাৰে মাতৃভাষাৰ শ্ৰাদ্ধ পাতিছে : আছু - AASU PROTEST IN MORIGAON

🎬 Watch Now: Feature Video

thumbnail
ৰাজ্য চৰকাৰে মাতৃভাষাৰ শ্ৰাদ্ধ পাতিছে- আছু নেতা (undefined)

By ETV Bharat Assamese Team

Published : January 24, 2024 at 3:26 PM IST

1 Min Read
Choose ETV Bharat

মৰিগাঁও, 24 জানুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্ত সমান্তৰালকৈ সদৌ অসম ছাত্ৰ সন্থাৰ আহবান ক্ৰমে বুধবাৰে মৰিগাঁও জিলাতো অসম চৰকাৰৰ অসমীয়া ভাষা বিৰোধী অভিযানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । এই প্ৰতিবাদী কাৰ্যসূচীৰ অংশৰূপে প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি অসম চৰকাৰৰ অসমীয়া ভাষা বিৰোধী আইনখন দাহ কৰে । 

সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মৰিগাঁও চহৰৰ মাজমজিয়াত সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীত মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথে চৰকাৰক কটু ভাষাৰে সমালোচনা কৰি কয় যে, যেতিয়ালৈকে আইৰ মুখৰ ভাষা কাঢ়ি নিয়াৰ সিদ্ধান্ত প্ৰত্যাহাৰ নকৰে তেতিয়ালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব । ইয়াৰ পিচতো চাইকেল ৰেলীকে ধৰি এলানি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মত প্ৰকাশ কৰে সভাপতি দিপুল কুমাৰ নাথে । 

লগতে ছাত্ৰ নেতাগৰাকীয়ে মন্তব্য কৰি কয় যে,  এই জাতি-মাটি-ভেঁটিৰ কথা কোৱা চৰকাৰখনে ইতিমধ্যে ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয়ত অসমীয়া মাতৃভাষাৰ শ্ৰাদ্ধ পাতিছে । অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাষা সুৰক্ষিত হৈ থাকিব লাগিব । 

লগতে পঢ়ক: মাধ্যম বিতৰ্কক লৈ কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড় আৰু দক্ষিণ কামৰূপত আছুৰ প্ৰতিবাদ