মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত আছুৰ চাইকেল সমদল - আছুৰ চাইকেল সমদল

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : January 29, 2024 at 5:22 PM IST

1 Min Read

বাক্সা, ২৯ জানুৱাৰী : সমগ্র ৰাজ্যত ছাত্র সন্থাই ৰূপায়ণ কৰা প্ৰতিবাদী চাইকেল সমদল কাৰ্যসূচী অব্য়াহত আছে । চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে ছাত্র সন্থাই ৰাজ্যজুৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । ঠায়ে ঠায়ে চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবী জনাই এই প্ৰতিবাদী সমদল উলিয়াইছে ছাত্র সন্থাই। বাক্সা জিলাৰ মুছলপুৰতো আজি বাক্সা আঞ্চলিক ছাত্ৰ সন্থাই মাতৃভাষা মাধ্যমৰ সম্পৰ্কত অসম চৰকাৰে লোৱা কেবিনেট সিদ্ধান্ত বাতিলৰ দাবীৰে চাইকেল সমদল উলিয়ায় ।  

আছুৰ সদস্যসকলে "অসম চৰকাৰ হায় হায়","মুখ্যমন্ত্ৰী হায় হায়","শিক্ষামন্ত্ৰী হায় হায়","মাতৃভাষা মাধ্যমৰ সম্পৰ্কত অসম চৰকাৰে লোৱা সিদ্ধান্ত বাতিল কৰক" ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । তেওঁলোকে চৰকাৰক ছাত্ৰ-ছাত্ৰীৰ জীৱনকলৈ বাৰে বাৰে হেতালি খেলাৰ পৰা বিৰত থাকিবলৈ দাবী জনায় ।  

লগতে পঢ়ক:মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ আছুৰ প্ৰতিবাদী চাইকেল সমদল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.