ETV Bharat / state

মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ আছুৰ প্ৰতিবাদী চাইকেল সমদল

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 6:15 PM IST

চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে ছাত্র সন্থাই সমগ্র ৰাজ্যত শনিবাৰে প্ৰতিবাদী চাইকেল সমদল উলিয়ায় । লখিমপুৰৰ লগতে শিৱসাগৰ, সৰুপথাৰৰ আছু কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ আছুৰ প্ৰতিবাদী চাইকেল সমদল
মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ আছুৰ প্ৰতিবাদী চাইকেল সমদল
মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত

নিউজ ডেস্ক, 27 জানুৱাৰী: শনিবাৰে সমগ্র ৰাজ্যত ছাত্র সন্থাই প্ৰতিবাদী চাইকেল সমদল উলিয়ায় । চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে ছাত্র সন্থাই ৰাজ্যজুৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবী জনায় এই প্ৰতিবাদী সমদল গ্ৰহণ কৰে ।

সদৌ অসম ছাত্র সন্থাৰ আহ্বান ক্ৰমে শনিবাৰে সমগ্র ৰাজ্যৰ প্ৰতিখন আঞ্চলিক সমিতিয়ে প্ৰতিবাদী চাইকেল সমদল কৰে । ৰাজ্যৰ আন জিলাৰ দৰে লখিমপুৰতো 20 খন আঞ্চলিক সমিতিয়ে প্ৰতিবাদী চাইকেল সমদল উলিয়ায় । জিলা ছাত্র সন্থাই কয়, "ৰাষ্ট্ৰীয় শিক্ষা নীতিয়েও মাতৃভাষাক গুৰুত্ব আৰোপ কৰিছে । এই লৈ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে যথেষ্ট কাম কৰিছে । কিন্তু ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰে মাতৃভাষা মাধ্যম বিৰোধী স্থিতি গ্ৰহণ কৰিছে । ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় দুটা ইংৰাজী ভাষাত পাঠদানৰ সিদ্ধান্ত লৈছে । ইয়াৰ বাবে শিক্ষাখণ্ডৰ শক্তিশালী আন্তঃগাঁথনিৰ প্ৰয়োজন আছিল । দক্ষ শিক্ষক নিযুক্তিৰ প্ৰয়োজন আছিল । কিন্তু চৰকাৰে একোৱেই কৰা নাই ।"

সমান্তৰালভাৱে, শনিবাৰে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই চাইকেল ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে । শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা সমগ্ৰ চহৰখনত উলিয়াই ৰেলী । আছুকৰ্মীসকলে মাতৃভাষা বিৰোধী সিদ্ধান্ত বাতিল কৰক, শিক্ষামন্ত্ৰী হায় হায় আদি শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে । গণতান্ত্ৰিক আন্দোলনৰ ভাষা চৰকাৰে বুজি নাপালে অনাগত দিনত জংগী আন্দোলনৰ পথ গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ দিছে সন্থাই ।

শনিবাৰে, সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অৰ্ধ শতাধিক ছাত্ৰ কৰ্মীয়ে সৰুপথাৰ নগৰত চাইকেল ৰেলী কৰি প্ৰতিবাদ সাব্যস্ত কৰে । সৰুপথাৰ নগৰৰ শ্বহীদ বেদীৰ সমীপত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মীসকলে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে 24 জানুৱাৰীৰ দিনাও ৰাজ্য চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰোধিতাৰে ছাত্ৰ সন্থাই প্ৰতিলিপি দাহ কৰিছিল ।

লগতে পঢ়ক: দেওবাৰ-সোমবাৰ: বাজপেয়ী ভৱন-আমবাৰী হ’ব তোলপাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.