আছুৰ তীব্ৰ প্ৰতিবাদত উত্তাল মাজুলী

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 2:59 PM IST

thumbnail

মাজুলী, ৫ ফেব্ৰুৱাৰী: অসম চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আজি সত্ৰপীঠ মাজুলীৰ কমলাবাৰীত মাজুলী জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে মাজুলী জিলা ছাত্ৰ সন্থাই । মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে মাজুলী জিলা ছাত্ৰ সন্থাই মাজুলীৰ ব্যৱসায়িক স্থান কমলাবাৰীত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰে ।

প্ৰতিবাদকাৰী সকলে 'শিক্ষামন্ত্ৰী গ' বেক', 'অসম চৰকাৰ গ' বেক' আদি ধ্বনিৰে উত্তাল কৰে কমলাবাৰী চাৰিআলি । ছাত্ৰ সন্থাৰ কৰ্মীসকলে কয় যে অসম চৰকাৰে যি মাধ্যম বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া অতি সোনকালে বাতিল কৰক । নহ'লে আহি থকা দিনতো ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিয়েই থাকিব । এই সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত ছাত্ৰ সন্থাই আন্দোলন কৰি যাব বুলিও সকীয়াই দিয়ে ।

লগতে পঢ়ক:দৰং কংগ্ৰেছতো জোকৰণি: ছিপাঝাৰৰ কুলদীপ বৰুৱাই যোগদান কৰিব বিজেপিত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.