ETV Bharat / politics

দৰং কংগ্ৰেছতো জোকৰণি: ছিপাঝাৰৰ কুলদীপ বৰুৱাই যোগদান কৰিব বিজেপিত

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 10:16 PM IST

Kuldip Barua Congress: সোমবাৰে বিজেপিত যোগদান কৰিব কংগ্ৰেছ নেতা কুলদীপ বৰুৱাই ৷ বিধায়ক ড৹ পৰমান্দ বাজবংশীৰ বাবে ই বৰ ইতিবাচক খবৰ নহয় বুলি চৰ্চিত হৈছে ৷ কিয়নো বিগত বিধানসভা নিৰ্বাচনত মাত্ৰ তিনি হাজাৰ ভোটৰ ব্যৱধানতহে ড৹ ৰাজবংশীৰ ওচৰত পৰাস্ত হৈছিল কুলদীপ বৰুৱা ৷

Kuldip Barua
ছিপাঝাৰৰ কুলদীপ বৰুৱা

দৰং, 4 ফেব্ৰুৱাৰী: বিধায়ক পৰমান্দ বাজবংশীক প্ৰত্যাহ্বান জনাই ছিপাঝাৰৰ কুলদীপ বৰুৱাই কাইলৈ যোগদান কৰিব বিজেপিত ৷ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক, দৰং জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা বিগত বিধানসভা নিৰ্বাচনৰ ছিপাঝাৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কুলদীপ বৰুৱাই কাইলৈ বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব ।

মাত্ৰ তিনি হাজাৰ ভোটৰ ব্যৱধানত বিজেপি দলৰ প্ৰাৰ্থী ড৹ পৰমানন্দ ৰাজবংশী হাতত পৰাজিত হোৱা কুলদীপ বৰুৱাই বিজেপি দলত যোগদান কৰিব বুলি প্ৰচাৰ হোৱাৰ লগে দৰং বিজেপি আৰু দৰং কংগ্ৰেছৰ অভ্যন্তৰত জোকৰণিৰ সৃষ্টি হৈছে । মূলতঃ দৰং কংগ্ৰেছৰ শক্তিশালী নেতাজনে দলত্যাগ কৰি বিজেপিত যোগদান কৰিবলৈ লোৱা ঘটনা দৰং কংগ্ৰেছৰ বাবে মোক্ষম আঘাত ৷

উল্লেখ্য যে জিলাখনৰ তিনিটা বিধানসভা সমষ্টিৰ ভিতৰত ছিপাঝাৰক অন্যতম শক্তিশালী ভেটি হিচাবে ধৰি ৰাখিছিল কুলদীপ বৰুৱাই । ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত কাইলৈ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত দিনৰ ১১ বজাত কুলদীপ বৰুৱাই যোগদান কৰিব । ইয়াকে লৈ দৰং বিজেপিৰ লগতে বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী বাহিনীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

সাধাৰণতে মন্ত্ৰী বা বিধায়ক এগৰাকীৰ বিৰুদ্ধে ৪ বছৰ মানৰ পিচত প্ৰতিষ্ঠানবিৰোধী ঢৌ উঠা দেখা যায় যদিও ছিপাঝাৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে দুই বছৰ অতিক্ৰম কৰাৰ লগে লগে ৰাইজ যথেষ্ট অসন্তুষ্ট হোৱা পৰিলক্ষিত হৈছিল ৷ সমষ্টিটোৰ চুকে কোণে ৰাইজৰ লগতে দলীয় কৰ্মীসকলে বিষোদগাৰ প্ৰকাশ কৰি আহিছে বিধায়ক ড৹ ৰাজবংশীৰ বিৰুদ্ধে ।

বিধায়কগৰাকীৰ এনে দুৰ্বলতাৰ সুযোগ লৈ একাংশ দলীয় নেতাই মনে মনে ছিপাঝাৰৰ বিধায়ক হোৱাৰ মন মেলিছিল যদিও কুলদীপৰ আগমনে তেওঁলোককো চিন্তাত পেলাইছে । ইফালে সমষ্টিটোত প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়ায়ো ভিতৰি ভিতৰি সমষ্টিৰ ভোটাৰসকলৰ মাজত পুনৰ সক্ৰিয় হোৱা দেখা গৈছিল । এতিয়া কংগ্ৰেছৰ শক্তিশালী যুৱ নেতাগৰাকীৰ বিজেপিত যোগদান ড৹ পৰমানন্দ ৰাজবংশীৰ বাবে তীব্ৰ প্ৰত্যাহ্বান বুলি চৰ্চিত হৈছে ।

লগতে পঢ়ক: বেলেগৰ লগত নহয়, কংগ্ৰেছৰে দুই ফৈদৰ মাজত তুমুল সংঘৰ্ষ হাইলাকান্দিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.