ধনশিৰিত মাতৃভাষা মাধ্যমক লৈ পুনৰ গৰজিল আছু

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 2:28 PM IST

thumbnail

সৰুপথাৰ, ৫ ফেব্ৰুৱাৰী: মাতৃভাষাৰ মাধ্যমক লৈ পুনৰ প্ৰতিবাদত বহিল সদৌ অসম ছাত্ৰ সন্থা । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰাজ্যত মাতৃভাষাৰ মাধ্যম সম্পৰ্কত গ্ৰহণ কৰা কেবিনেট সিদ্ধান্তৰ প্ৰতিবাদত ধনশিৰি মহকুমা ছাত্র সন্থাই শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে ।

সোমবাৰে ধনশিৰি মহকুমা ছাত্ৰ কৰ্মীয়ে সৰুপথাৰ নগৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । সৰুপথাৰ নগৰৰ মাজমজিয়াত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ধনশিৰি মহকুমা ছাত্ৰ সন্থাই । মাতৃভাষা মাধ্যম সম্পৰ্কত কেবিনেটে লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে তেওঁলোকে 'কেবিনেটে লোৱা সিদ্ধান্ত বাতিল কৰক', 'অসম চৰকাৰ হায় হায়', 'শিক্ষা মন্ত্ৰী হায় হায়', 'মাতৃভাষা জীয়াই ৰাখিবই লাগিব' ইত্যাদি শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।

লগতে পঢ়ক : হেলেম আৰক্ষীৰ অভিযানত বাহনসহ ৮ জনীয়া গভাইত চোৰৰ দল গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.