নেতা আৰু আন্দোলনক পৰিকল্পিতভাবে ঘিণ কৰিবলৈ শিকোৱা হৈছে; আছু সভাপতি

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 11:51 AM IST

thumbnail

মাজুলী, 30 জানুৱাৰী: অসমত নেতা আৰু আন্দোলনক পৰিকল্পিতভাবে ঘৃণা কৰিবলৈ শিকোৱা হৈছে বুলি মাজুলীত উল্লেখ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই । যোৱা 18 জানুৱাৰীৰ পৰা মাজুলীৰ ঐতিহাসিক আউনিআটি সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত অনুষ্ঠিত হৈছে সদৌ অসম ভাওনা সমাৰোহৰ । সদৌ অসম ভাওনা সমাৰোহ প্ৰতিযোগিতাৰ শেষৰখন ভাওনাৰ শুভ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই । 

সদৌ অসম ভাওনা সমাৰোহত উপস্থিত হৈ আছুৰ সভাপতিগৰাকীয়ে কয়, "আজিৰ তাৰিখত অসমত এনে পৰিৱেশৰ সূচনা হৈছে যে নেতা মানেই যেন বিশ্বাসঘাতক, প্ৰতাৰক ৷ আন্দোলন মানেই যেন স্থবিৰতা । এইবোৰ এতিয়া সলনি কৰিবৰ হ’ল কিয়নো আন্দোলন মানেই ৰাজপথত টায়াৰ জ্বলোৱা, অসম বন্ধ দি কৰা আন্দোলনেই আন্দোলন নহয় ৷ জাতিৰ কাৰণে প্ৰয়োজন হ’লে অসম বন্ধ দিম, ৰাজপথত আন্দোলন কৰিম ।"

শৰ্মাই লগতে কয়, " এই 13 দিন হাজাৰ হাজাৰ মানুহক সাংস্কৃতিক ধাৰাত ধৰি ৰখাটোও এক ডাঙৰ সাংস্কৃতিক আন্দোলন । এই 13 দিন এনেধৰণৰ অনুষ্ঠানৰ আগভাগ যিসকল লোকে লৈছে তেওঁলোকতকৈ ডাঙৰ নেতা আৰু কোনো হ’ব নোৱাৰে ।"

লগতে পঢ়ক: আজি মাতৃভাষা সংকটৰ সন্মুখীন হৈছে: উৎপল শৰ্মা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.