আজি মাতৃভাষা সংকটৰ সন্মুখীন হৈছে: উৎপল শৰ্মা - AASU president remarks on CAA

🎬 Watch Now: Feature Video

thumbnail
নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত আছুৰ সভাপতিৰ মন্তব্য় (undefined)

By ETV Bharat Assamese Team

Published : December 23, 2023 at 10:54 PM IST

|

Updated : December 24, 2023 at 1:47 PM IST

Choose ETV Bharat

যোৰহাট, ২৩ ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইন বিজেপিয়ে পশ্চিম আসন কেইখন লাভ কৰিবৰ বাবে ব্যৱহাৰ কৰা ৰাজনৈতিক উপঢৌকনৰ বাহিৰে একোৱে হ'ব নোৱাৰে বুলি মন্তব্য় আছুৰ নৱনিৰ্বাচিত সভাপতি উৎপল শৰ্মাৰ । আজি যোৰহাটত তেওঁ কয় যে আছুৱে 'কা' মানি লোৱা নাই আৰু ভৱিষ্যতেও নামানে । যদি বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইন ৰুল মেপ প্ৰস্তুত কৰাৰ নামত সমগ্ৰ অসম তথা দেশত অস্থিৰতা সৃষ্টি কৰিব বিচাৰে তেতিয়াহ'লে অসমবাসীৰ সহযোগত পুনৰ আছুৱে ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি তেওঁ কয় ।  

নৱনিৰ্বাচিত সভাপতি উৎপল শৰ্মাই পুনৰ কয় যে উক্ত সংশোধনী আইনৰ জৰিয়তে বিজেপিয়ে সমগ্ৰ দেশতে অস্থিৰতা সৃষ্টি কৰিবলৈ বিচাৰে । আনহাতে, ছাত্র সন্থাৰ নৱনিৰ্বাচিত সমিতিৰ প্ৰথম কাম কি হ'ব বুলি সোধা এক প্ৰশ্ন উত্তৰত আছুৰ নৱনিৰ্বাচিত সভাপতি গৰাকীয়ে কয় যে আছুৰ প্ৰধান কাম হ'ব ছাত্র-ছাত্রীৰ সুৰক্ষিত শৈক্ষিক ব্যৱস্থাৰ দিশটো । কেনেদৰে যুৱক-যুৱতীসকলক আত্মসংস্থাপনৰ দিশৰ লগতে যিবোৰ জাতীয় বিষয় অৰ্থাৎ অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰা আদি ক্ষেত্ৰত মনোনিবেশ কৰা হ'ব । তেওঁ পুনৰ কয়, "আজি মাতৃভাষা সংকটৰ সন্মুখীন হৈছে আৰু মাতৃভাষা হকে আমি কাম কৰি যাব লাগিব ।"

লগতে পঢ়ক: ডিমা হাচাওত ভয়-ভাবুকিৰ ৰাজনীতি চলিছে: প্ৰদেশ কংগ্ৰেছৰ অভিযোগ

Last Updated : December 24, 2023 at 1:47 PM IST

ABOUT THE AUTHOR

...view details