নিৰ্বাচনৰ সময়তহে 'কা'ৰ কথা মনত পৰে বিজেপিৰ : উৎপল শৰ্মা

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 6:12 PM IST

thumbnail

মাজুলী, 29 জানুৱাৰী : ‘‘কা বলবৎ কৰি বিজেপি চৰকাৰে লোকসভা নিৰ্বাচনৰ মুনাফা আদায় কৰিব বিচাৰিছে । 'কা'খনৰ কথা নিৰ্বাচনৰ সময়তহে মনত পৰে বিজেপিৰ । 'কা'খন বলবৎ কৰি ধৰ্মীয় মেৰুকৰণৰ চেষ্টা কৰিছে বিজেপি চৰকাৰে । লোকসভাত পশ্চিম বংগৰ আসন কেইখন লাভৰ কাৰণেই 'কা'খনলৈ সেই সময়ত মনত পৰে । কা কোনো কাৰণতে মানি নলয় আৰু অসমত বলবৎ হ’বলৈ নিদিয়ে সদৌ অসম ছাত্ৰ সন্থাই ।’’ সোমবাৰে মাজুলীত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই ৷

ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা ৰাজনীতিলৈ যোৱা সম্পৰ্কত উৎপল শৰ্মাই কয়, ‘‘সদৌ অসম ছাত্ৰ সন্থাৰ 1% বা 2 % লোকহে ৰাজনীতিলৈ গৈছে । তেওঁলোক কেতিয়াও প্ৰকৃত ছাত্ৰ নেতা হ’ব নোৱাৰে । বৰ্তমানেও ছাত্ৰ সন্থাত 98% নিষ্ঠাবান কৰ্মী আছে’’ ।

লগতে পঢ়ক : 14 টা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে পেনেল প্ৰস্তুত; কোন আছে কোন সমষ্টিত ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.