ETV Bharat / politics

14 টা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে পেনেল প্ৰস্তুত; কোন আছে কোন সমষ্টিত ?

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 5:33 PM IST

Updated : Jan 29, 2024, 6:04 PM IST

Assam Congress candidates list : প্ৰায় 14 টা সমষ্টিৰ প্ৰাৰ্থীৰ বাবেই প্ৰস্তুত কৰা হৈছে পেনেল ৷ অধিকাংশ সমষ্টিতে তিনিজন প্ৰাৰ্থীৰ নাম ৰখা হৈছে ৷ অৱশ্যে কোনো কোনো সমষ্টিত দুজন বা চাৰিজনকৈও প্ৰাৰ্থীৰ নাম আছে ৷

14 Lok Sabha Constituencies for 2024
প্ৰায় 14 টা সমষ্টিৰ বাবেই প্ৰাৰ্থীৰ প্ৰস্তুত কৰা হৈছে পেনেল

নিউজ ডেস্ক, 29 জানুৱাৰী : ভাৰত জোড়ো যাত্ৰাই কওক বা ভাৰত জোড়ো ন্যায় যাত্ৰাই কওক, এই দুয়োটা যাত্ৰাই কংগ্ৰেছক কিমান সাফল্য দিলে বা নিদিলে সেয়া পিচৰ কথা ৷ কংগ্ৰেছ দল এতিয়া অহৰ্নিশে ব্যস্ত লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী বাচনিক লৈ ৷ সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত 14 টা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব বিচৰা দাবীদাৰসকলৰ সৈতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেতা ৰাণা কে পি সিং, জয়বৰ্ধন সিং আৰু ইভান ডিছুজাই ভাগে ভাগে আলোচনাত মিলিত হোৱাৰ পাচত প্ৰায় 14 টা সমষ্টিৰ বাবেই প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰে ৷

ইয়াৰে অধিকাংশ সমষ্টিতে ৰখা হৈছে তিনিজন প্ৰাৰ্থীৰ নাম ৷ অৱশ্যে কোনো কোনো সমষ্টিত দুজন বা চাৰিজনকৈও প্ৰাৰ্থীৰ নাম আছে ৷ আনহাতে, যিসমূহ সমষ্টিত ছয় বা ততোধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আৱেদন জনাইছে, সেইসমূহ সমষ্টিৰ পেনেল এতিয়াও চূড়ান্ত কৰা হোৱা নাই ৷

সদ্যহতে দুজনৰ পৰা চাৰিজনলৈকে প্ৰাৰ্থীৰ পেনেল থকা কেইটামান সমষ্টি হ’ল ক্ৰমে নগাঁৱত প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন ৷ একেদৰে অন্যান্য পেনেলসমূহ হ’ল যোৰহাটত গৌৰৱ গগৈ আৰু কৃষ্ণা গগৈ, দৰং-ওদালগুৰিত বসন্ত দাস, মাধৱ ৰাজবংশী, প্ৰবীণ বড়ো আৰু প্ৰাণজিৎ চৌধুৰী, কৰিমগঞ্জত হাফিজ ৰছিদ আহমেদ চৌধুৰী, আবু চালেহ নিজামুদ্দিন আৰু জুবেইৰ আনম, গুৱাহাটীত মীৰা বৰঠাকুৰ, দ্বীজেন শৰ্মা আৰু ৰমেন বৰঠাকুৰ, ডিব্ৰুগড়ত নীলনেত্ৰ নেওগ, দুৰ্গা ভূমিজ আৰু ৰাজু চাহু, ডিফুত জয়ৰাম ইংলেং, চুম ৰংহাং আৰু ক্লেনডং ইংতি, কাজিৰঙাত ৰ’জলীনা তিৰ্কি, গোলাপ শইকীয়া আৰু গৌৰৱ গগৈ, লখিমপুৰত ৰাণী নৰহ আৰু উদয় শংকৰ হাজৰিকা, বৰপেটাত আব্দুল খালেক, ববিতা শৰ্মা আৰু দীপ বায়ন, কোকৰাঝাৰত গৰ্জন মুছাহাৰী আৰু প্ৰাণজিৎ চৌধুৰী, তেজপুৰত অভিজিৎ হাজৰিকা, আৰ পি শৰ্মা, বৰ্ণালী ফুকন আৰু প্ৰেমলাল গঞ্জু, শিলচৰত নৈঋতা জয় শুক্লা আৰু সৌম্যকান্তি পুৰকায়স্থ আৰু ধুবুৰী সমষ্টিত ৱাজেদ আলী চৌধুৰী, ৰকিবুল হুছেইন আৰু আব্দুল হামিদ ৷

লগতে পঢ়ক : কেম’ফ্লেজৰ আন্ধাৰত অনিশ্চিত মানস বৰগোঁহাইৰ জীৱন

Last Updated : Jan 29, 2024, 6:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.