ছয়গাঁৱৰ ৰাজহুৱা প্ৰস্ৰাৱগাৰত প্ৰাক্তন আছু নেতাৰ ফটো

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 9:49 PM IST

thumbnail

মিৰ্জা, 29 জানুৱাৰী : দেওবাৰে বিজেপিত যোগদান কৰে আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথে ৷ তাৰ পিচতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৰাজ্যৰ ভিন্ন মহলাত ৷ নেতৃত্বৰ এনে কাণ্ডত ক্ষোভত ফাটি পৰিছে আছু কৰ্মীসকল ৷ এই সিদ্ধান্তৰ পিচতেই গালি-ককৰ্থনাৰ সন্মুখীন হৈছে দীপাংক নাথ ৷

শেহতীয়াকৈ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ ৰাজহুৱা প্ৰস্ৰাৱগাৰত দীপাংক নাথ আৰু প্ৰকাশ দাসৰ ফটো পৰিলক্ষিত হৈছে । সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰি কা বিৰোধী আন্দোলনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল এই দুগৰাকী প্ৰাক্তন ছাত্ৰ নেতাই । এতিয়া বিজেপিত যোগদান কৰাৰ পিচত ৰাজ্যজুৰি সকলোৱে ধিক্কাৰ দিছে দুয়োকে ৷ ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থায়ো দুয়োগৰাকীকে জাতিৰ গাদ্দাৰ আখ্যা দিলে । ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিৰকজ্যোতি শালৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এই সন্দৰ্ভত ৷

লগতে পঢ়ক : দীপাংক নাথে ক্ষমতাৰ বাবে বিজেপিত যোগ দিছে: অজাপ নেতা মাণিক গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.