শিৱসাগৰত মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ অনশন

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 1:24 PM IST

thumbnail

শিৱসাগৰ, ৭ ফেব্ৰুৱাৰী: ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থা । বিগত কেইবাদিনো ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে আছুৱে । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বুধবাৰে ৰাজ্যজুৰি ছাত্ৰ সন্থাই ৰূপায়ণ কৰে অনশন কাৰ্যসূচী । সমান্তৰালভাৱে শিৱসাগৰতো জিলা ছাত্ৰ সন্থাই ৰূপায়ণ কৰে ১৩ ঘন্টীয়া অনশন কাৰ্যসূচী ।

নৱম শ্ৰেণীলৈকে গণিত আৰু বিজ্ঞান শিক্ষা ইংৰাজী মাধ্যমত গ্ৰহণ কৰাৰ চৰকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি ছাত্ৰ সন্থাই অব্যাহত ৰাখিছে মাহজোৰা প্ৰতিবাদী কাৰ্যসূচী । বুধবাৰে শিৱসাগৰত এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে আছুৰ সভাপতি উৎপল শৰ্মা ।

আছুৰ সভাপতিগৰাকীয়ে চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে । কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমীৰণ ফুকন, জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক মানৱ হাজৰিকা আৰু দীপাংকৰ শইকীয়া উপস্থিত থাকে ।

লগতে পঢ়ক: হাফলঙত ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.