ETV Bharat / state

হাফলঙত ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়া

Governor Gulabchand Kataria : হাফলঙত উপস্থিত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া । হাফলঙত অনুষ্ঠিত উত্তৰ-পূব জেলিয়াংৰং হেৰেককা এছোচিয়েচনৰ সোণালী জয়ন্তী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যপালগৰাকীয়ে । স্বাধীনতা সংগ্ৰামী ৰাণী মা গাইদিলিউ আৰু হাইপু যাদুনাঙক শ্ৰদ্ধা জনায় গুলাবচান্দ কাটাৰীয়াই ।

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 11:35 AM IST

Governor Gulabchand Kataria in Haflong
হাফলঙত ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়া
হাফলঙত ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়া

হাফলং, ৭ ফেব্ৰুৱাৰী : উত্তৰ-পূব জেলিয়াংৰং হেৰেককা এছোচিয়েচনৰ সোণালী জয়ন্তী উপলক্ষে হাফলঙত আহি উপস্থিত হয় অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া । ডিমা হাছাও জিলাৰ হাফলং লোদিৰাম গাঁৱত সোমবাৰৰ পৰা তিনি দিনীয়াকৈ আৰম্ভ হয় জেলিয়াংৰং হেৰেককা এছোচিয়েচনৰ সোণালী জয়ন্তী অনুষ্ঠান । অনুষ্ঠানৰ দ্বিতীয় দিনা গুৱাহাটী ৰাজভৱনৰ পৰা হেলিকপ্টাৰ যোগে হাফলঙত দিনৰ ১১ বজাত উপস্থিত হয় অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া ।

হাফলঙৰ লোদিৰাম গাঁৱত উপস্থিত হৈ প্ৰথমতে স্বাধীনতা সংগ্ৰামী ৰাণী মা গাইদিলিউ আৰু হাইপু যাদুনাঙক শ্ৰদ্ধা জনায় । উক্ত অনুষ্ঠানত ৰাজ্যপালৰ লগতে উপস্থিত আছিল উত্তৰ-কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূব প্ৰান্তৰ সাংগঠনিক সম্পাদক দীনেশ তিৱাৰী, পদ্মশ্ৰী ড৹ ৰামকুয়াংবে জেমি, ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস আৰক্ষী অধীক্ষক ময়ংক কুমাৰ ।

জেলিয়াংৰং হেৰেককা সংগঠনৰ সোণালী জয়ন্তীত উপস্থিত হৈ অসমৰ ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়াই ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামী হাইপু যাদুনাঙৰ হেৰেককা আন্দোলনৰ কথা উত্থাপন কৰি কয় যে ব্ৰিটিছ চৰকাৰে ১৯৩১ চনত হেৰেককা আন্দোলনক বন্ধ কৰি দিয়াৰ বাবে হাইপু যাদুনঙক গ্ৰেপ্তাৰ কৰে আৰু ফাঁচি দিয়ে ।

ইয়াৰ পিচতে এই হেৰেককা আন্দোলনক অগোৱাই লৈ যায় ৰাণী মা গাইদিলিউৱে আৰু ১৯৭৪ চনত ৰাণী মা গাইদিলিউয়ে জেলিয়াংৰং হেৰেককা সংগঠন গঠন কৰে আৰু এই সংগঠনৰ সোণালী জয়ন্তী সংগঠনটোৰ গৌৰৱশালি অধ্যায় তুলি ধৰাৰ ক্ষেত্ৰত সক্ষম হৈছে বুলি মন্তব্য কৰে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া ।

লগতে পঢ়ক : স্বাস্থ্যখণ্ডক অধিক গতিশীল কৰাৰ উদ্দেশ্যে নগাঁৱত এন এই এমৰ শীৰ্ষ বিষয়াৰে স্বাস্থ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.