বিজেপিক ভোট নিদিবলৈ বেনাৰ লগাই প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 3:53 PM IST

thumbnail

তিনিচুকীয়া, 1 ফেব্ৰুৱাৰী : সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ । আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ‘‘No vote for BJP’’ লিখি তিনিচুকীয়া চহৰখনত বেনাৰ লগাই সাব্যস্ত কৰিছে বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ ।

অতদিনে বিজেপি চৰকাৰে আদিবাসীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰা, মাটিৰ পট্টা প্ৰদান নকৰা, দৈনিক মজুৰি বৃদ্ধি নকৰা, স্বায়ত্তশাসিত পৰিষদ গঠন নকৰাৰ বিৰুদ্ধে সাব্যস্ত কৰিছে এই প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি বিজেপি দলটোৱে শাসনলৈ অহাৰ প্ৰাকমুহূৰ্তত আদিবাসীসকলক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছত এতিয়া সকলো পাহৰিলে ৷

গতিকে এইবাৰ লোকসভাৰ নিৰ্বাচনত কোনোপধ্যেই আদিবাসীসকলে বিজেপিক ভোটদান নকৰে আৰু তাৰ বিৰুদ্ধে আজিৰে পৰা চহৰ, বাগান সকলোতে বেনাৰ লগাই জনতাক বিজেপিৰ বিৰুদ্ধে সজাগ কৰিব বুলি উল্লেখ কৰে আদিবাসী ছাত্ৰ সন্থাই ।

লগতে পঢ়ক: উত্তপ্ত মনোহাৰী চাহ বাগিচা, শ্ৰমিকৰ হুংকাৰ- হিটলাৰী শাসন নচলিব

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.