বাক্সাত নাৰিকল গছ কাটি থাকোতেই মৃত্যু শ্ৰমিকৰ

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 6:15 PM IST

thumbnail

বাক্সা, ২৭ জানুৱাৰী: গণৰাজ্য দিৱসৰ দিনাই বাক্সাত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা ৷ জিলাখনৰ ডুমুনীৰ নিকটৱৰ্তী জাৰাবাৰীত নাৰিকল গছ কাটিবলৈ গৈ কৰুণ মৃত্যুক আকোঁৱালি লয় মুছলপুৰৰ সমীপৱৰ্তী অহোপাৰৰ ইউচুব আলী নামৰ লোকজনে ৷ জানিব পৰা মতে ইউচুবে শুকুৰবাৰে দিনহাজিৰা কৰিব গৈছিল জাৰাবাৰীলৈ ৷ কিন্তু নাৰিকল গছ কাটি থাকোঁতে হঠাতে গছডাল ছিঙি পৰে আৰু ঘটনাস্থলীতেই মৃত্যু হয় ইউচুব আলীৰ ।

ইয়াৰ পাচতেই ইউচুবৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰস্থিত ডা° ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ ইউচুব আলীৰ আত্মীয়ই জনোৱা অনুসৰি তেওঁ জাৰাবাৰীৰ বিৰাজ নামৰ লোকজনৰ গৃহত নাৰিকল গছ কাটিব গৈছিল আৰু তাতেই মৃত্যু হয় ইউচুবৰ ৷ সম্প্ৰতি এই ঘটনাক কেন্দ্ৰ কৰি দুয়োখন গাঁৱতেই সৃষ্টি হৈছে শোকাকুল পৰিবেশৰ ৷ 

লগতে পঢ়ক: কয়লাখনিত অগ্নিকাণ্ড: ছয় শ্ৰমিক নিহত, আহত চাৰিজন 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.