নলবাৰীত কন্যাসন্তানসহ নিৰুদ্দেশ এগৰাকী মহিলা

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 11:26 AM IST

thumbnail

নলবাৰী, 19 ফেব্ৰুৱাৰী : নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত টেঘেৰীয়াট্টী গাঁৱত নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছে ৷ টেঘেৰীয়াট্টী গাঁৱৰ পৰা ছবছৰীয়া কন্যাসন্তানৰ সৈতে এগৰাকী মহিলা নিৰুদ্দেশ হৈছে ৷ 

সন্ধানহীন মহিলাগৰাকীৰ স্বামীৰ ভাষ্য অনুসৰি, শুকুৰবাৰে মুকালমুৱাৰ কোনোবা এটা বেংক আৰু মেডিকেললৈ বুলি ওলাই গৈছিল পত্নী । বেংকলৈ যোৱাৰ পিচৰে পৰা বহু সময় ধৰি উভতি নহাত তেওঁ ফোন কৰে যদিও ফোনত তেওঁলোকৰ যোগাযোগ নহয় ৷ দেওবাৰলৈকে ঘৰলৈ উভতি অহা নাই কন্যা সন্তানসহ তেওঁৰ পত্নী । শুকুৰবাৰৰ পৰা পত্নী-কন্যাৰ কোনো সন্ধান নাপাই মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে স্বামীয়ে । কোনো সদাশয় লোকে মহিলাগৰাকীৰ সম্ভেদ লাভ কৰিলে আৰক্ষী অথবা পৰিয়ালৰ লোকক 75779 42278 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক : ঘৰত নাই কাপোৰ-কানি: মাক-জীয়েক নিৰুদ্দেশ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.