আজি সামৰণি পৰিব 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 1:58 PM IST

thumbnail

ৰঙিয়া, 11 ফেব্ৰুৱাৰী: 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ দেওবাৰে তৃতীয় তথা অন্তিম দিন । তৃতীয় দিনাখনো হাতীখলা পথাৰ লোকাৰণ‍্য হৈ পৰা পৰিলক্ষিত হয় । অধিৱেশনত আজি পুৱা 9 বজাত ধৰ্মধজ্জা উত্তোলন কৰা হয় । ধৰ্মধজ্জা উত্তোলন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই । 

পদাধিকাৰগৰাকীক সংগ দিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই । ইয়াৰ পিছতেই ভাগৱত শোভাযাত্ৰা 10 বজাত আৰম্ভ হয় । ৰঙিয়া মৰণজানা ভৈয়ৰা হাটীখলা পথাৰৰ পৰা আৰম্ভ হোৱা ভাগৱত শোভাযাত্ৰা ৰঙিয়া চহৰৰ মাজমজিয়াৰ মাজেৰে 18 কিলোমিটাৰ যাত্ৰা কৰি আকৌ মৰনজানা ভৈয়ৰা হাটীখলা পথাৰত উপস্থিত হয় । ভাগৱত শোভাযাত্ৰাত ময়ূৰ বাহনত গুৰু আসন প্ৰতিষ্ঠা কৰি শোভাযাত্ৰা আৰম্ভ হয় । 

শোভাযাত্ৰাত অসমৰ বিভিন্ন জনগোষ্ঠীৰ নৃত্য-গীত, সাজপাৰ, নাওঁ খেল আৰু কৃষ্টি পৰিদৰ্শন কৰা হয় । লগতে শোভাযাত্ৰাত অংশগ্ৰহণ কৰা লোকসকলে ভাগৱত পাঠ কৰাৰ লগতে নাম প্ৰসংগ কৰে । অসমৰ বিভিন্ন জিলাৰ পৰা অহা কেবাসহস্ৰাধিক ভকত বৈষ্ণৱ আৰু আই মাতৃয়ে এই সভাত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:  শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশনথলী পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.