কলিয়াবৰত ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে মহকুমাধিপতি লিজা তালুকদাৰে

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 11:03 AM IST

thumbnail

কলিয়াবৰ, ২৬ জানুৱাৰী : দেশে পালন কৰিছে ৭৫ সংখ্যক গণৰাজ্য দিৱস । সমগ্ৰ দেশৰ লগতে কলিয়াবৰতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠন আৰু ব্যক্তিয়ে অধিক উৎসাহৰে পালন কৰে দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস । কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত, কুঁৱৰীটোল গান্ধী খেল পথাৰত উদযাপন কৰা গণৰাজ্য দিৱসৰ আনুষ্ঠানিক ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লিজা তালুকদাৰে ।

গণৰাজ্য দিৱসৰ আনুষ্ঠানিক ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি বিশিষ্ট অতিথিগৰাকীয়ে নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুনীতা চৰকাৰৰ নেতৃত্বত আৰক্ষী, অৰ্দ্ধ-সামৰিক বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, স্কাউট আৰু গাইডৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পেৰেড অনুষ্ঠানৰ অভিবাদন গ্ৰহণ কৰে । কলিয়াবৰৰ কেইবাটাও বিভাগে প্ৰতীক-পট প্ৰদৰ্শন কৰে । গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি মহকুমা প্ৰশাসনৰ তৰফৰ পৰা মুক্তি যুঁজাৰু পৰিয়াল, শিল্পী-সাংবাদিককে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।

লগতে পঢ়ক: পেৰেড অনুষ্ঠানত ভাগ ল’বলৈ অসমৰ পাঁচগৰাকী স্বেচ্ছসেৱকক নতুন দিল্লীলৈ নিমন্ত্ৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.