চিমেন চাপৰিতো উৰিল গণৰাজ্য দিৱসৰ পতাকা - চিমেন চাপৰিত গণৰাজ্য দিৱস উদযাপন

🎬 Watch Now: Feature Video

thumbnail
চিমেন চাপৰিতো উৰিল গণৰাজ্য দিৱসৰ পতাকা (undefined)

By ETV Bharat Assamese Team

Published : January 27, 2024 at 7:12 AM IST

1 Min Read
Choose ETV Bharat

জোনাই,২৭ জানুৱাৰী: দেশৰ আন আন প্ৰান্তৰ লগতে শুকুৰবাৰে ধেমাজি জিলাৰ চিমেন চাপৰিৰ বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদেও বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস । পুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ অনিল বসুমতাৰীয়ে । পতাকা উন্মোচন কৰি দিয়া চমু ভাষণত বিকেডব্লিউএচিৰ অধ্যক্ষ অনিল বসুমতাৰীয়ে কয় যে যিসকল মহান দেশপ্ৰেমিকে অশেষ কষ্ট, ত্যাগ আৰু আত্মবলিদান দি ভাৰতক বৃটিছৰ শাসনৰ পৰা স্বাধীনতা আজুৰি আনিছিল সেই মহান মনিষীসকলৰ আদৰ্শক সদায়েই জীয়াই ৰাখিব লাগিব ।  

লগতে তেওঁ ভাৰতক এখন সমৃদ্ধিশালী, প্ৰগতিশীল আৰু শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে স্বাধীনতা সংগ্ৰামীসকলৰ যি সপোন সেয়া বাস্তৱায়িত কৰিবলৈ আজিৰ প্ৰজন্মই সংকল্প গ্ৰহণ কৰিব লাগিব বুলি উল্লেখ কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীকে আদি কৰি বিভিন্ন বিভাগৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ ।

লগতে পঢ়ক: উপেন্দ্ৰ নাথ ব্ৰহ্মৰ আদৰ্শৰে বড়ো জাতি আগবাঢ়ি যাব লাগিব : এবছু

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details