উলহ মালহেৰে জোনাইত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন - জোনাইত গণৰাজ্য দিৱস উদযাপন

🎬 Watch Now: Feature Video

thumbnail
জোনাইত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন (undefined)

By ETV Bharat Assamese Team

Published : January 26, 2024 at 12:34 PM IST

1 Min Read
Choose ETV Bharat

জোনাই, ২৬ জানুৱাৰী: সমগ্র দেশৰ সমান্তৰালকৈ জোনাইতো জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত দিনজোৰা কার্যসূচীৰে জোনাইৰ গান্ধী ময়দানত উদযাপন কৰা হয় ৭৫ সংখ্যক গণৰাজ্য দিৱস । পুৱা ৮:৪৫ বজাত জোনাই মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰাৰ পিচতে পুৱা ৯ বজাত জোনাই মহকুমাৰ মহকুমাধিপতি শান্তনু গগৈয়ে ৰাষ্ট্রীয় পতাকা উন্মোচন কৰাৰ লগতে আৰক্ষীৰ অভিবাদন গ্রহণ কৰে ।

গণৰাজ্য দিৱসৰ কাৰ্যসূচীত জোনাইৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা বেন পাৰ্টীকে আদি কৰি মুঠ ১৩ টা দলে কুচ-কাৱাজত অংশগ্ৰহণ কৰে । ইয়াৰ পিচতে এই ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকনৃত্য, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আদি প্ৰদৰ্শন কৰাৰ উপৰিও দেশ তথা সমাজৰ বাবে সেৱা আগবঢ়োৱা কেইবাজনো ব্যক্তিক মানপত্ৰ প্ৰদান কৰা হয় ।

লগতে পঢ়ক: কলিয়াবৰত ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে মহকুমাধিপতি লিজা তালুকদাৰে

ABOUT THE AUTHOR

...view details