গুৱাহাটী প্ৰেছ ক্লাৱত গণৰাজ্য দিৱস পালন

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 1:05 PM IST

thumbnail

গুৱাহাটী, ২৬ জানুৱাৰী : আজি দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত কটকীয়া বেষ্টনীৰ মাজত ৭৫ সংখ্যক গণৰাজ্য দিৱস বর্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হৈছে । খানাপাৰাত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস পালন কৰাৰ লগতে মহানগৰীৰ বিভিন্ন প্ৰান্তত দল-সংগঠন অনুষ্ঠান-প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আদিত গণৰাজ্য দিৱস পালন কৰা হৈছে । তাৰ ব্যতিক্ৰম নহয় গুৱাহাটী প্ৰেছ ক্লাৱো ।  

গুৱাহাটী প্ৰেছ ক্লাৱত সভাপতি সুস্মিতা গোস্বামী সাধাৰণ সম্পাদক সঞ্জয় ৰয়ৰ লগতে আন সদস্যসকলৰ উপস্থিতিত পতাকা উন্মোচন কৰা হয় । গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি সুস্মিতা গোস্বামীয়ে সমগ্ৰ দেশৱাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনায় । লগতে তেওঁ কয় যে সংবিধান মতে যাতে শাসকে দেশখন চলাই নিয়ে তাত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । সংবিধান মতে শাসকে দেশখন কিদৰে পৰিচালনা কৰিছে, সেই সন্দৰ্ভত ৰাইজক সংবাদ মাধ্যমে সজাগ কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক : গণৰাজ্য দিৱস: তেজপুৰত পতাকা উন্মোচন ইউ জি ব্ৰহ্মৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.