ETV Bharat / state

গণৰাজ্য দিৱস: তেজপুৰত পতাকা উন্মোচন ইউ জি ব্ৰহ্মৰ

Republic Day in Tezpur: তেজপুৰৰ নেহেৰু মৈদানত জিলা প্ৰশাসনৰ উদ্যোগত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন । কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মই জাতীয় পতাকা উন্মোচন কৰে । মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ খতিয়ান দাঙি ধৰে ।

Republic Day in Tezpur
তেজপুৰত পতাকা উন্মোচন ইউ জি ব্ৰহ্মৰ
author img

By ETV Bharat Assamese Team

Published : January 26, 2024 at 12:30 PM IST

2 Min Read
Choose ETV Bharat
তেজপুৰত পতাকা উন্মোচন ইউ জি ব্ৰহ্মৰ

তেজপুৰ,২৬ জানুৱাৰী : আজি গণৰাজ্য দিৱস । দেশজুৰি ব্যাপক কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰা হৈছে । অসমৰ প্ৰতিখনে জিলাতে গণৰাজ্য দিৱসৰ বিভিন্ন কাৰ্যসূচী দেখা গৈছে । প্ৰতিখন জিলা সদৰতে প্ৰশাসনে গণৰাজ্য দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছে । য'ত অসমৰ মুখ্যমন্ত্ৰীকে ধৰি কেবিনেট মন্ত্ৰীসকল আৰু প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰিছে ।

শোণিতপুৰ জিলাৰ তেজপুৰ নেহেৰু মৈদানতো দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । য'ত পতাকা উন্মোচন কৰে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্মই । পতাকা উন্মোচনৰ সমান্তৰালকৈ তেওঁৰ সন্মুখত বিভিন্ন সামৰিক বাহিনীয়ে পেৰেড প্ৰদৰ্শন কৰে । কেন্দ্ৰীয় সুৰক্ষা বাহিনী, এছ এছ বি, আই টি বি পি, অসম ৰাইফলছ , অসম আৰক্ষী, গৃহৰক্ষী বাহিনী আৰু বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পেৰেডত অংশগ্ৰহণ কৰে ।

এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক আঁচনিৰ খতিয়ান দাঙি ধৰে । এই বিশেষ মুহূৰ্তত দেশৰ শ্বহীদসকলকো মন্ত্ৰীগৰাকীয়ে স্মৰণ কৰে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে অসমৰ বানপানী আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে বৃহৎ আঁচনি গ্ৰহণ কৰিছে । তেওঁ কয় যে বিশ্ব বেংকৰ পৰা লোৱা ধনেৰে ৰাজ্যৰ দলংসমূহৰ নিৰ্মাণ কৰা হৈছে ।

শোণিতপুৰ জিলাত কেইবাখনো আঁচনিৰ জৰিয়তে খোৱাপানীৰ যোগান আৰু হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ জৰিয়তে অসমৰ গামোচা আৰু আৰনাই প্ৰস্তুত কৰা হৈছে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে তেজপুৰ জিলা কাৰাগৰাৰ পৰা ৩০ গৰাকী কয়দীক চৰকাৰী সুবিধাৰে বিশেষ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এই প্ৰশিক্ষণৰ অন্তত তেওঁলোকে হস্ততাঁত আৰু বস্ত্ৰ তৈয়াৰ কৰিব পাৰিব বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক : পেৰেড অনুষ্ঠানত ভাগ ল’বলৈ অসমৰ পাঁচগৰাকী স্বেচ্ছসেৱকক নতুন দিল্লীলৈ নিমন্ত্ৰণ