গোলাঘাটত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ - Golaghat news
🎬 Watch Now: Feature Video

Published : January 26, 2024 at 2:17 PM IST
গোলাঘাট, ২৬ জানুৱাৰী : সমগ্ৰ দেশৰ লগতে গোলাঘাটতো উদযাপন কৰা হয় ৭৫ সংখ্য়ক গণৰাজ্য দিৱস । গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত সমন্বয় ক্ষেত্ৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । পতাকা উত্তোলন কৰাৰ পাচত তেওঁ আৰক্ষী, অৰ্ধসামৰিক বাহিনী, বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ পৰা অভিবাদন গ্ৰহণ কৰে ।
তাৰ পাচতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জিলা প্ৰশাসনে আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতা তথা অংগনৱাড়ী কৰ্মী, স্বাস্থ্যকৰ্মীৰ লগতে বিভিন্ন বিভাগৰ বিষয়া সকলক বঁটা প্ৰদান কৰে । মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আলফাৰ এটা গোট ইতিমধ্যে শান্তি চুক্তিত চহী কৰি অসমখনক প্ৰগতিৰ দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে বুলি মন্তব্য় কৰি কয় যে আলফা (স্বাধীন) গোটটো এতিয়াও মূলসূতিলৈ আহিবলৈ বাকী আছে ৷
তেওঁ কয়, "আমাৰ চৰকাৰৰ ফালৰ পৰা এটাই আহ্বান যে তেওঁলোকো অসমৰ উন্নয়নৰ স্বাৰ্থত মূল সুতিলৈ ঘূৰি আহক । তেওঁলোকৰ দেশপ্ৰেম সম্পৰ্ক আমাৰ ক'বলগীয়া একো নাই । তেওঁলোকে জাতিক ভাল পাই কাৰণে কিব বিকল্প চিন্তা কৰিছে । যি সময়ত তেওঁলোকে স্বাধীন অসমৰ চিন্তা চৰ্চা কৰি ওলাই গৈছিল এতিয়া কিন্তু অসমৰ পৰিবেশ সলনি হৈছে ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমখনক আগবঢ়ায় নিয়াৰ ক্ষেত্ৰত যেনেধৰনে চিন্তা কৰিছে, তেনে সময়তে সেই ধৰণৰ চিন্তা চৰ্চা প্ৰয়োজন নাই বুলি সকলোৱে অনুভৱ কৰে বুলি তেওঁ কয় ।
লগতে পঢ়ক:যোৰহাটত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন মন্ত্ৰী অতুল বৰাৰ