বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে বৰমাত ৬১ সংখ্যক ৰঙালী বিহু উদযাপন - Rongali Bihu

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 5:45 PM IST

thumbnail

বাক্সা, ১৩ এপ্ৰিল : চাওতে চাওতে আহি পালে ৰঙৰ ৰঙালী ৷ কালি উৰুকা, আজি গৰু বিহু আৰু কাইলৈ মানুহ বিহু ৷ সমগ্ৰ অসমৰ সমান্তৰালকৈ বাক্সা জিলাৰ বৰমাতো উলহ মালহেৰে উদযাপন কৰা হৈছে ৰঙালী বিহু ৷ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি (শনিবাৰ) পুৱা বিহুৰ পতাকা উত্তোলনৰে ৬১ সংখ্যক বৰমা আঞ্চলিক ৰঙালী বিহু অনুষ্ঠান আৰম্ভ কৰা হয় ৷

বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি দীপক দৈমাৰীয়ে ৷ ইয়াৰ পিচতেই স্মৃতি তৰ্পন আৰু সাতজন জ্যেষ্ঠ সমাজকৰ্মীৰ দ্বাৰা গছপুলি ৰোপণ কৰা হয় ৷ বৃহত্তৰ বৰমা অঞ্চলৰ শতাধিক জ্যেষ্ঠ নাগৰিকক বিহুৱানেৰে সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ পিচত বিভিন্ন জনগোষ্ঠীৰ দ্বাৰা বিহু প্ৰদৰ্শন কৰা হয় ৷

লগতে পঢ়ক : আজি গৰু বিহু; বিশ্বাস আৰু পৰম্পৰাৰ বোঁৱতি নৈ - RONGALI BIHU 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.