মুকলি হ’ল বীৰ লাচিত সেনাৰ আটকাধীন সদস্য

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 1:06 PM IST

thumbnail

গুৱাহাটী,27 জানুৱাৰী: শুকুৰবাৰে জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বীৰ লাচিত সেনাৰ 6 গৰাকীকৈ সদস্যক শনিবাৰে পুৱা মুকলি কৰি দিয়া হয় ৷ শুকুৰবাৰে জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দলটোৰ মুখ্য সচিব বিকাশ অসম, উপ-সভাপতি তপন শৰ্মা, সাধাৰণ সদস্য মতিউৰ ৰহমান, ৰবি দিহিঙীয়া, মনোজ ডেকা আৰু বিক্ৰান্ত কলিতাক । 

উল্লেখ্য যে, বীৰ লাচিত সেনা অসমৰ সদস্যকেইগৰাকীৰ বিৰুদ্ধে কামাখ্যা দেৱালয় পৰিচালনা সমিতিয়ে জালুকবাৰী থানাত দাখিল কৰিছিল এজাহাৰ । শুকুৰবাৰে জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আটাইকেইগৰাকীক । শুকুৰবাৰে কামাখ্যা দেৱালয়ৰ পাৰ্কিঙত পাৰ্কিং কৰ্মচাৰীৰ সৈতে বীৰ লাচিত সেনাৰ সদস্যৰ হতাহতি হৈছিল । বীৰ লাচিত সেনাৰ এজন সদস্যক পাৰ্কিঙৰ কৰ্মচাৰীয়ে প্ৰহাৰ কৰাৰ পিছত আন সদস্যসকল তাত উপস্থিত হৈ হতাহতিত লিপ্ত হৈছিল । 

ইয়াক কেন্দ্ৰ কৰি কামাখ্যা দেৱালয় পৰিচালনা সমিতিয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সদস্যকেইজনক ।

লগতে পঢ়ক: ৰাজ্যজুৰি পালন 75 সংখ্যক গণৰাজ্য দিৱস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.