10 খন দেশৰ অংশগ্ৰহণেৰে গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 8:04 PM IST

thumbnail

গুৱাহাটী, 23 জানুৱাৰী : গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱৰ আজি দ্বিতীয়টো দিন । জ্যোতি চিত্ৰবনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে জ্যোতি চিত্ৰবনৰ প্ৰাংগনত 22 জানুৱাৰীৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হৈছে গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ । বিশ্বৰ প্ৰায় 10 খন দেশে অংশগ্ৰহণ কৰিছে এই মহোৎসৱত। জ্যোতি চিত্ৰবনৰ দুটা প্ৰেক্ষাগৃহত মুঠ 21 খন ছবি ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰদৰ্শন কৰা হ'ব । মঙলবাৰে পুৱা 9 বজাৰ পৰা 1 বজালৈ ছবিৰ প্ৰদৰ্শনী অনুষ্ঠিত হয় । আজি দ্বিতীয় দিনা প্ৰদৰ্শন কৰা হয় খঞ্জন কিশোৰ নাথৰ ছবি "চোৰ"। ছবিৰ লগতেই শিশুসকলৰ মনোৰঞ্জনৰ বাবে অনুষ্ঠিত হৈছে পুতলা নাচ, যাদু ইত্যাদি।

এই চলচ্চিত্ৰ মহোৎসৱখনৰ সন্দৰ্ভত জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে মন্তব্য কৰি কয়,"এই চলচ্চিত্ৰ মহোৎসৱলৈ বিশ্বৰ প্ৰায় 10 খন দেশৰ ভাল ভাল ছবি নিৰ্বাচিত কৰা হৈছে। প্ৰথম দিনটোত বহুকেইখন ছবি উপভোগ কৰিছে ছাত্র-ছাত্ৰীসকলে । এটা ভাল পৰিৱেশ আহিছে। ছাত্ৰ-ছাত্ৰীসকলে ভালকৈয়ে উপভোগ কৰিছে । পূৰ্বে এই মহোৎসৱ কলাক্ষেত্ৰৰ প্ৰাংগনত হৈছিল । এইবাৰ প্ৰথমবাৰৰ বাবে জ্যোতি চিত্ৰবনত অনুষ্ঠিত হৈছে । দর্শকৰো ভাল সঁহাৰি পোৱা গৈছে । প্ৰতিটো প্ৰদৰ্শনীয়ে হাউছফুল হৈছে ।"

ইয়াৰোপৰি এই মহোৎসৱৰ বাবে ছাত্র-ছাত্ৰীসকলৰ সুবিধাৰ্থে অনুষ্ঠিত হৈছে মাষ্টাৰ ক্লাছ । য'ত ছাত্ৰ-ছাত্ৰীসকলক ছবি নিৰ্মাণৰ প্ৰশিক্ষণ দিয়া হৈছে ৷

লগতে পঢ়ক: চাবুৱাত পথ নিৰ্মাণত ব্যাপক কেলেংকাৰী, ৰাইজে বন্ধ কৰিলে নিৰ্মাণকাৰ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.