ETV Bharat / technology

জলবায়ু পৰিৱৰ্তন সূচকৰ ৰেকৰ্ড স্তৰ স্পৰ্শ; আটাইতকৈ উষ্ণ বছৰ 2023

author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 12:46 PM IST

জলবায়ু পৰিৱৰ্তন সূচকৰ ৰেকৰ্ড স্তৰ স্পৰ্শ
জলবায়ু পৰিৱৰ্তন সূচকৰ ৰেকৰ্ড স্তৰ স্পৰ্শ

WMO Report : বিশ্ব বতৰ বিজ্ঞান সংস্থাই প্ৰকাশ কৰা 'ডব্লিউএমঅ' ষ্টেট অব দ্য গ্লোবেল ক্লাইমেট, 2023' অনুসৰি, 2023 চনটো হৈছে অভিলেখৰ আটাইতকৈ উষ্ণ বছৰ ।

নিউজ ডেস্ক, ২০ মাৰ্চ : গোলকীয় উষ্ণতা বৃদ্ধিৰ এক উদ্বেগজনক পৰিস্থিতিৰ মাজতে জলবায়ু পৰিৱৰ্তন সূচকবোৰে 2023 চনত অভিলেখ স্তৰত উপনীত হয় । আহাতে এই বৰ্ষটো অভিলেখৰ আটাইতকৈ উষ্ণ বছৰ আছিল । বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ (ডব্লিউএমঅ') এক প্ৰতিবেদনত এই কথা কোৱা হৈছে ।

ডব্লিউএমঅ' ষ্টেট অব দ্য গ্লোবেল ক্লাইমেট, 2023 অনুসৰি, বিভিন্ন ৰেকৰ্ড ভংগ হৈছে আৰু কিছুমান ক্ষেত্ৰত গ্ৰীণহাউছ গেছৰ স্তৰ, পৃষ্ঠৰ উষ্ণতা, সাগৰৰ তাপ আৰু অম্লকৰণ, সাগৰৰ পৃষ্ঠ বৃদ্ধি, এণ্টাৰ্কটিক সাগৰৰ বৰফৰ আৱৰণ আৰু হিমবাহৰ পশ্চাদপসাৰণৰ বাবে ভাঙি যোৱাৰ দৰে ঘটনা সংঘটিত হৈছে ।

প্ৰতিবেদনখনত কোৱা হৈছে যে গ্ৰীষ্মপ্ৰৱাহ, বানপানী, খৰাং, বনজুই আৰু দ্ৰুতগতিত তীব্ৰতৰ হোৱা ক্ৰান্তীয় ঘূৰ্ণী বতাহে দুৰ্দশা আৰু হাহাকাৰৰ সৃষ্টি কৰে । যাৰ ফলত প্ৰতিদিনে লাখ লাখ লোকৰ জীৱন প্ৰভাৱিত হয় আৰু বহু বিলিয়ন ডলাৰৰ অৰ্থনৈতিক লোকচান হয় ।

ৰেকৰ্ডৰ আটাইতকৈ উষ্ণ বৰ্ষ : ডব্লিউএমঅ'ৰ প্ৰতিবেদনে নিশ্চিত কৰিছে যে 2023 বৰ্ষটো হৈছে অভিলেখৰ আটাইতকৈ উষ্ণ বছৰ । ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিঅ' গুটেৰেছে ডব্লিউএমঅ'ৰ প্ৰতিবেদন, ২০২৩-ৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "সকলো মুখ্য সূচকত চাইৰেন বজোৱা হৈছে... কিছুমান ৰেকৰ্ড কেৱল লিপিবদ্ধৰ বাবেই নহয়, সেইবোৰৰ বিস্ফোৰণ হৈছে । আৰু পৰিৱৰ্তনবোৰ দ্ৰুত গতিত হৈছে ।"

ডব্লিউএমঅ'ৰ প্ৰতিবেদনত কোৱা হৈছে যে 2023 চনত গড় দিন হিচাপত বিশ্ব মহাসাগৰৰ প্ৰায় এক তৃতীয়াংশ সামুদ্ৰিক তাপপ্ৰৱাহৰ দ্বাৰা আক্ৰান্ত হৈছিল, যাৰ ফলত গুৰুত্বপূৰ্ণ পৰিৱেশতন্ত্ৰ আৰু খাদ্য ব্যৱস্থাৰ ক্ষতি হৈছিল । প্ৰতিবেদনত কোৱা হৈছে যে 2023 চনৰ শেষৰ ফালে আৰু বছৰটোৰ কোনো সময়ত 90%-তকৈও অধিক সাগৰত তাপপ্ৰৱাহ পৰিস্থিতি অনুভৱ কৰা হৈছিল ।

প্ৰতিবেদনখনে লগতে কৈছে যে প্ৰাথমিক তথ্য অনুসৰি, পশ্চিম-উত্তৰ আমেৰিকা আৰু ইউৰোপ দুয়োখন ঠাইতে অত্যধিক বৰফ গলি যোৱাৰ ফলত বিশ্বজুৰি হিমবাহবোৰে (1950 চনৰ পৰা) সৰ্বাধিক বৰফ হেৰুৱাইছে ।

আনহাতে, ডব্লিউএমঅ'ৰ প্ৰতিবেদন অনুসৰি, বিশ্বজুৰি খাদ্যৰ ক্ষেত্ৰত অসুৰক্ষিত লোকৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি হৈ দুগুণতকৈও অধিক হৈছে । কোভিড-19 মহামাৰীৰ পূৰ্বৰ 149 নিযুত লোকৰ পৰা 2023 চনত 333 নিযুত লোকলৈ (বিশ্ব খাদ্য কাৰ্যসূচীৰ দ্বাৰা নিৰীক্ষণ কৰা 78 খন দেশত) ই বৃদ্ধি পাইছে । বতৰ আৰু জলবায়ুৰ চৰম পৰিস্থিতি ইয়াৰ মূল কাৰণ নহ'ব পাৰে, কিন্তু প্ৰতিবেদন অনুসৰি সেইবোৰ ইয়াত অৰিহণা যোগোৱা কাৰক ।

লগতে পঢ়কপুনৰ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ৰাজধানী ৰূপে পৰিগণিত দিল্লী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.