ETV Bharat / state

অভয়াপুৰীত অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ যুৱ সন্মিলন

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 7:14 PM IST

Asom Yuva Parishad : বঙাইগাঁও জিলাৰ অভয়াপুৰীত অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ যুৱ সন্মিলন অনুষ্ঠিত হয় । অসম যুৱ পৰিষদৰ ৰাজ্যিক সভাপতি আৰু ৰাজ্যিক সদস্যৰ লগতে বঙাইগাঁও জিলা অসম যুৱ পৰিষদৰ সভাপতি, সম্পাদক আৰু সদস্য সকলৰ উপস্থিতিত এই সন্মিলন অনুষ্ঠিত কৰা হয় ।

Asom Yuva Parishad
অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ যুৱ সন্মিলন

অভয়াপুৰীত অসম যুৱ পৰিষদৰ যুৱ সন্মিলন

বঙাইগাঁও, 29 ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীত অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ যুৱ সন্মিলন অনুষ্ঠিত হয় ৷ এই সন্মিলনত অসম যুৱ পৰিষদৰ ৰাজ্যিক সভাপতি আৰু ৰাজ্যিক সদস্যৰ লগতে বঙাইগাঁও জিলা অসম যুৱ পৰিষদৰ সভাপতি, সম্পাদক আৰু সদস্য সকলৰ উপস্থিতি থাকে ৷ অসম যুৱ পৰিষদৰ যুৱ সন্মিলনৰ মাজেৰেই বঙাইগাঁও জিলাত লোকসভা নিৰ্বাচনৰ ৰণডংকা বজালে অসম গণ পৰিষদ দলে ৷

আগন্তুক লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টি অগপ দলে লাভ কৰাটো নিশ্চিত হৈছে ৷ তাৰে মাজতেই আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীত এই যুৱ সন্মিলন অনুষ্ঠিত কৰা হয় ৷ এই সভাত উপস্থিত থাকে বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী ৷ সভাত উপস্থিত থাকি কেইবাটাও বিষয়ৰত মন্তব্য কৰে বিধায়ক ফণীভূষণ চৌধুৰীয়ে ৷

উল্লেখ্য যে, আগন্তুক লোকসভা নিৰ্বাচনত লৈ সাজু হৈছে শাসকীয় দল বিজেপিকে ধৰি মিত্ৰ দল অসম গণ পৰিষদ৷ দলৰ নেতৃত্বই নিৰ্বাচনৰ পূৰ্বে দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ সমষ্টিয়ে সমষ্টিয়ে অনুষ্ঠিত কৰিছে যোগদানকে ধৰি বিভিন্ন সাংগঠনিক কাৰ্যসূচী ৷ পিচ পৰি থকা নাই অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদো ৷ নিৰ্বাচনৰ পূৰ্বে সংগঠনটোৱে ৰাজ্যজুৰি চলাইছে ব্যাপক সাংগঠনিক কুচকাৱাজ ৷

ইফালে ইয়াৰ মাজতেই আজি বিজেপি মিত্ৰজোঁটৰ আসন ভাগ-বাটোৱাৰা সম্পন্ন হয় ৷ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ মিত্ৰদল অগপই দুখন আসনত আৰু UPPLএ এখন আসনত প্ৰতিদ্বন্দিতা কৰিব ৷ আজি সংবাদমেল যোগে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে এই কথা ৷ অগপই বৰপেটা আৰু ধুবুৰীত প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে কোকৰাঝাৰ সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব UPPLএ ৷

লগতে পঢ়ক : ৰাণা গোস্বামীৰ পদত্যাগত ফটকা ফুটাই উল্লাস কংগ্ৰেছ কৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.