ETV Bharat / state

ৰাণা গোস্বামীৰ পদত্যাগত ফটকা ফুটাই উল্লাস কংগ্ৰেছ কৰ্মীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 6:08 PM IST

Congress workers burst crackers : "ৰাণা গোস্বামীৰ পদত্যাগে কংগ্ৰেছক মুক্ত কৰিলে । আজিৰ তাৰিখত কংগ্ৰেছ অবিহনে এটা বৃহৎ শূন্যলৈ পৰিণত হ'ল গোস্বামী ।" ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰাৰ পিচতেই যোৰহাটত জিলাত ফটকা ফুটাই উল্লাসিত কংগ্ৰেছ কৰ্মীয়ে কৰিলে এই মন্তব্য ।

Congress workers burst crackers
ৰাণা গোস্বামীৰ পদত্যাগত ফটকা ফুটাই উল্লাস কংগ্ৰেছ কৰ্মীৰ

ৰাণা গোস্বামীৰ পদত্যাগত ফটকা ফুটাই উল্লাস কংগ্ৰেছ কৰ্মীৰ

যোৰহাট, 29 ফেব্ৰুৱাৰী : "ৰাণা গোস্বামীৰ পদত্যাগ কংগ্ৰেছৰ কাৰণে শুভলক্ষণ ৷ ৰাণা গোস্বামীৰ পদত্যাগে কংগ্ৰেছক চাপমুক্ত কৰিলে । কিয়নো দীর্ঘদিনে ৰাণা গোস্বামীয়ে কংগ্ৰেছত কোনো নেতাৰ সৃষ্টি হ'বলৈ দিয়া নাছিল, নিজৰ স্বাৰ্থ পূৰণৰ আশাত জিলা কংগ্ৰেছক ব্যৱহাৰ কৰি সকলোকে হেঁচা প্ৰয়োগ কৰি বশ কৰাৰ চেষ্টা কৰিছিল ।" কংগ্ৰেছৰ পৰা পদত্যাগ কৰি ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰাৰ পিচতেই যোৰহাটত জিলাত ফটকা ফুটাই উল্লাস কংগ্ৰেছ কৰ্মীয়ে এই মন্তব্য প্ৰকাশ কৰে ।

লগতে কংগ্ৰেছ কৰ্মীসকলে কয় যে, ৰাণা গোস্বামীৰ পদত্যাগে কংগ্ৰেছক মুক্ত কৰিলে । আজিৰ তাৰিখত কংগ্ৰেছ অবিহনে এটা বৃহৎ শূন্যলৈ পৰিণত হ'ল গোস্বামী । যোৰহাট জিলা কংগ্ৰেছত বহু দক্ষ ৰাজনীতিবিদ থকাৰ পিচতো মুখ্যতঃ ৰাণা গোস্বামীৰ আধিপত্যৰ বাবে আগৱাঢ়ি যোৱা সুবিধাৰ পৰা বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ উথাপন কৰে NSUI ৰ ৰাজ্যিক সভাপতি কৃষাণু বৰুৱাই ।

আনহাতে জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা সংবাদমেলখনত জিলা সভাপতি পুতুল বুঢ়াগোহাঁয়ে ৰাণা গোস্বামীক এজন মিছলীয়া লোক আৰু তেওঁৰ কংগ্ৰেছ ত্যাগে দলটোক কেতিয়াও দুৰ্বল কৰিব নোৱাৰে বুলি মন্তব্য প্ৰকাশ কৰে ।

কেৱল ইমানেই নহয় সংবাদমেলৰ শেষত কৰ্মীসকলে ৰাণা গোস্বামীৰ কংগ্ৰেছ ত্যাগক লৈ জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ তলত ফটকা ফুটাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় । উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কাৰ্যকৰী সভাপতিৰ পদ ত্যাগ কৰা লগতে প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰি আজি বিয়লি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ৷ গোস্বামীৰ এই কাৰ্যই কংগ্ৰেছ কৰ্মীসকলক ক্ষোভিত কৰি তোলাৰ লগতে এই কাৰ্যক সকলোৱে গৰিহণা দিয়ে ৷

লগতে পঢ়ক: বৃহস্পতিবাৰে গেৰুৱা হ’ব ৰাণা গোস্বামী, কমলাক্ষ পিছে দোধোৰ-মোধোৰত নেকি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.