ETV Bharat / state

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি, পত্নীয়ে কৰিলে আত্মহত্যা - Extra Marital Affair

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 10:35 AM IST

WOMAN COMMITS SUICIDE : গুৱাহাটীৰ পাথৰকুঁৱেৰীত চাঞ্চল্যকৰ ঘটনা । স্বামীৰ পৰকীয়া প্ৰেমৰ সন্দেহত আত্মহত্যা মহিলাৰ । আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

Woman commits suicide on suspicion of her husband's extra marital affair
পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি, পত্নীয়ে কৰিলে আত্মহত্যা (ETV Bharat Assam)

গুৱাহাটী, ২৬ মে': গুৱাহাটীৰ পাথৰকুঁৱেৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । স্বামীৰ আন মহিলাৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ সন্দেহত আত্মহনন পথ বাচি ল'লে মেগজিন এলেকাৰ এগৰাকী মহিলাই । নিজ গৃহৰ কোঠাত চীপ লৈ আত্মহত্যা কৰে মহিলাগৰাকীয়ে । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

জানিব পৰা মতে, মেগজিনৰ কনকলতা পথৰ বাসিন্দা নবীন ডেকাই মেগজিনৰ ৰাজপথত এখন গেলামাল দোকান দি ১৩ বছৰীয়া কন্যা সন্তান আৰু পত্নীৰ সৈতে তিনিজনীয়া পৰিয়ালটো পোহপাল দি আহিছিল ।

স্বামীৰ পৰকীয়া প্ৰেমৰ সন্দেহত আত্মহত্যা মহিলাৰ (ETV Bharat Assam)

আনহাতে, নবীন ডেকাৰ দোকানখনৰ কাষতে আছিল আন এগৰাকী মহিলাৰ ব্যৱসায়িক প্ৰতিষ্ঠান । ব্যৱসায়িক সূত্ৰে নবীন ডেকাই মহিলাগৰাকীৰে সৈতে চিনাকী হৈ পৰৱৰ্তী সময়ত দুয়োৰে মাজত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিছিল ।

স্থানীয় একাংশ লোকৰ অভিযোগ অনুসৰি এটা সময়ত ব্যবসায়ী নবীন ডেকাই মহিলাগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে । এই কথা জানিব পাৰি স্বামীৰ সৈতে পত্নীৰ প্ৰায়ে সংঘাতৰ সৃষ্টি হৈছিল ।

জানিব পৰা মতে, শনিবাৰে পুৱাৰ ভাগত স্বামী নবীন ডেকাই প্ৰতিদিনৰ দৰে নিজৰ দোকানখন খুলিবলৈ আহে । কিন্তু দিনৰ প্ৰায় ১১ মান বজাত পত্নীয়ে দোকানলৈ আহি তেওঁলোকৰ দোকানখন বন্ধ অৱস্থাত দেখা পোৱাৰ লগতে একে সময়তে ওচৰৰ অভিয়ুক্ত মহিলাগৰাকীৰ দোকানখনো বন্ধ হৈ থকা দেখা পায় মনত সন্দেহ ওপজে ।

লগে লগে পত্নীয়ে স্বামী আৰু মহিলাগৰাকীক ফোন কৰাত দুয়োৰে ম'বাইল অফ পায় । স্বামী নবীন ডেকাই অবৈধ প্ৰেমিকাক পলুৱাই লৈ যোৱাৰ সন্দেহ কৰি লগে লগে ওচৰ-চুবুৰীয়াক অবগত কৰে । তাৰ পিছত তেওঁ নিজৰ ঘৰলৈ উভতি যায় ।

তাৰ কিছু সময়ৰ পিছত ঘৰৰ ভিতৰত দুৱাৰ বন্ধ কৰি চীপ লৈ আত্মহত্যা কৰে মহিলাগৰাকীয়ে । পিছত ওচৰ চুবুৰীয়া লোকে দুৱাৰ বন্ধ হৈ থকা দেখি খিৰিকীৰে জুমি চাই মহিলাগৰাকীক চীপ লৈ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰি ততালিকে নুনমাটি আৰক্ষীক খবৰ দিয়ে ।

আনহাতে তেনে সময়তে স্বামী নবীন ডেকায়ো এই খবৰ পাই ঘৰত উপস্থিত হোৱাত স্থানীয় একাংশ উত্তেজিত লোকে নবীন ডেকাৰ কু-কৰ্মৰ বাবে পত্নীয়ে আত্মহত্যা কৰা বুলি অভিযোগ তুলি লপা-থপা দিয়ে ।

পিছত ঘটনাস্থলীত উপস্থিত হোৱা নুনমাটি আৰক্ষীয়ে নবীন ডেকাক উত্তেজিত ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । পিছত দণ্ডাধীশৰ উপস্থিতিত মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে । আনহাতে অভিযুক্ত মহিলাগৰাকীয়ে নবীন ডেকাৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা অস্বীকাৰ কৰে । ঘটনা সন্দৰ্ভত নুনমাটি থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: পত্নীক হত্যা কৰি সংবাদ মাধ্যমৰ আগত অকপট স্বীকাৰোক্তি অভিযুক্ত ঘাতকৰ - Extra Marital Affairs

যৌতুকত আধা বিঘা ভূমি নহ’লে ই-ৰিক্সা লাগে স্বামীক; নিৰ্যাতন সহিব নোৱাৰি মহিলাৰ আত্মাহনন

স্বামীগৃহৰ ধন-সোণ লুটি প্ৰেমিকৰ হাতেৰে দ্বিতীয়বাৰ সেন্দুৰ পিন্ধিলে মলয়া বাইদেৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.