যৌতুকত আধা বিঘা ভূমি নহ’লে ই-ৰিক্সা লাগে স্বামীক; নিৰ্যাতন সহিব নোৱাৰি মহিলাৰ আত্মাহনন
Woman Suicide in Nalbari: স্বামীৰ পৰকীয়া প্ৰেম আৰু যৌতুকৰ নিৰ্যাতন সহিব নোৱাৰি বোৱাৰী আত্মহননৰ ঘটনা সংঘটিত হৈছে ৷ যৌতুকত আধা বিঘা ভূমি নহ’লে ই-ৰিক্সা লাগে স্বামীক ৷

Published : February 1, 2024 at 10:56 PM IST
নলবাৰী, ১ ফেব্ৰুৱাৰী : ৰাজ্যত পুনৰ বোৱাৰী আত্মহননৰ ঘটনা সংঘটিত হৈছে ৷ স্বামীৰ পৰকীয়া প্ৰেম আৰু যৌতুকৰ নিৰ্যাতন সহিব নোৱাৰি মাতৃগৃহত আত্মহত্যা কৰিলে এগৰাকী দুৰ্ভগীয়া মহিলাই ৷ যৌতুকত আধা বিঘা ভূমি নহ’লে ই-ৰিক্সা লাগে স্বামীক ৷
নলবাৰী জিলাৰ মুকালমুৱাৰ বৰলীয়াৰপাৰত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । চিপ লৈ আত্মহনন এগৰাকী বিবাহিতা মহিলাৰ । ঘটনাৰ বিৱৰণী অনুসৰি নলবাৰীৰ মুকালমুৱাৰ ওচৰৰ বৰলীয়াৰপাৰ গাঁৱৰ শ্বহীদ আলীৰ কন্যা ছানিয়াৰা বেগমে প্ৰায় এবছৰ পূৰ্বে কাপলাবড়ীৰ ফাইজুৰৰ লগত সামাজিকভাৱে বিবাহপাশত আৱদ্ধ হৈছিল ।
কিন্তু বিবাহৰ পিচৰে পৰা যৌতুক বিচাৰি ছোৱালীজনীক স্বামীৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলাই থকাৰ অভিযোগ উত্থাপন কৰে মাতৃগৃহৰ পৰিয়ালে । ফাইজুৰে যৌতুক হিচাপে নিজৰ শহুৰেকৰ আধা বিঘা ভূমি নহ’লে ই-ৰিক্সা এখন ক্ৰয় কৰি দিবলৈ হেঁচা প্ৰয়োগ কৰিছিল । জোৱাঁয়েকে বিচৰা যৌতুক দিব নোৱাৰাত মহিলাগৰাকীক বিভিন্ন ধৰণে হাৰাশাস্তি কৰাত প্ৰায় এমাহ পূৰ্বে মাতৃগৃহলৈ উভতি আহে ছানিয়াৰা বেগমে ।
ইফালে মহিলাগৰাকীৰ পিতৃৰ অভিযোগ অনুসৰি, জোঁৱাৱেক ফাইজুৰৰ অন্য মহিলাৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল । যাৰ ফলত স্বামী ফাইজুৰে পূৰ্বৰে পৰা তেওঁলোকৰ কন্যাক নিৰ্যাতন চলাইছিল ।
তাৰ পিচতে বৃহস্পতিবাৰে, এখন দীঘলীয়া চুইচাইড নোট লিখি আত্মহননৰ পথ বাচি লয় মহিলাগৰাকীয়ে। ইতিমধ্যে মুকালমুৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষী প্ৰশাসনক ঘটনাৰ উচিত তদন্ত কৰিবলৈ অনুৰোধ জনাইছে ৷ ইতিমধ্যে আৰক্ষীয়ে স্বামীগৃহত উপস্থিত হৈ সোধা পোছা আৰম্ভ কৰিছে ৷
লগতে পঢ়ক: আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোতেই গুলীবিদ্ধ চোৰ

