ETV Bharat / state

আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোতেই গুলীবিদ্ধ চোৰ

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 10:53 PM IST

Encounter incident in Hojai : হোজাইৰ ডবকাৰ শালবাগানত সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা ৷ আৰক্ষীৰ গুলীত আহত ইৰাণী গ্ৰুপৰ সদস্য ৷ আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল চোৰটোৱে ৷

Encounter incident in Hojai
হোজাই জিলা আৰক্ষী অধীক্ষকৰ সংবাদমেল
হোজাই জিলা আৰক্ষী অধীক্ষকৰ সংবাদমেল

হোজাই, ৩১ জানুৱাৰী : দীৰ্ঘদিন ধৰি হোজাই জিলাৰ বিভিন্ন অঞ্চলত ইৰানী গ্ৰুপৰ সদস্যই সন্ত্ৰাস সৃষ্টি কৰি আহিছে ৷ ৰাইজে এই বিষয়ে আৰক্ষীক অৱগত কৰাৰ পাচতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে এইবাৰ ৰাইজে কৰায়ত্ত কৰিলে এটা চোৰক । এই বিষয়ে আজি হোজাই জিলা আৰক্ষী অধীক্ষক সৌৰভ কুমাৰ গুপ্তায় এক সংবাদ মেলাত সদৰী কৰিছে । চোৰটো ওড়িশাৰ অচকা জিলাৰ পাকলা পুলিৰ বাসিন্দা নাগালো ননি বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰিছে ।

মঙলবাৰে নিশা হোজাইত এনকাউন্টাৰৰ ঘটনা ৷ ডবকাৰ শালবাগানত সংঘটিত হয় এই এনকাউন্টাৰৰ ঘটনাটো ৷ এই ঘটনাত আহত হৈছে ইৰাণী গ্ৰুপৰ এটা সদস্য ৷ ঘটনা অনুসৰি, মঙলবাৰে বিয়লি হোজাই জিলাৰ নীলবাগানৰ আলাল উদ্দিন নামৰ যুৱকজনে বেংকৰ পৰা ৪.৫ লাখ টকা লৈ ঘৰলৈ গৈ আছিল ৷ তেনে সময়তে যুৱকজনৰ পৰা চিলনী চোৰে থাপ মাৰি লৈ যায় টকাৰ বেগটো ৷ পৰৱৰ্তী সময়ত ৰাইজে খেদি খেদি কৰায়ত্ত কৰে চোৰটোক ৷ লগতে ডৱকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মাইকেল ৰাইডো নামৰ আন এটা চোৰক।

ৰাইজে কৰায়ত্ত কৰি পৰৱৰ্তী সময়ত চোৰটোক ডবকা আৰক্ষীক গতাই দিয়ে ৷ কিন্তু অধিক তথ্যৰ বাবে নিশা ডবকা আৰক্ষীয়ে চোৰটোক ডবকাৰ শালবাগানলৈ লৈ গৈছিল ৷ সেই সময়তে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে চোৰটোৱে ৷ আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলী চলোৱাত চোৰটোৰ ভৰিত গুলী লাগে ৷ আহত চোৰটোক নিশাই হোজাইৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

লগতে পঢ়ক:আলফা স্বাধীনৰ ভিডিঅ’ দেখি স্তম্ভিত মানস চলিহা; ক’লে মই আলফাৰ বাতৰিও নাচাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.