ETV Bharat / state

গোলাঘাট জিলাৰ একমাত্ৰ লাখপতি বাইদেউৱে সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 6:15 PM IST

Weaver moromi konwar gets chance to meet india pm under Lakhpati Baideo Scheme
লাখপতি বাইদেউ আঁচনি

Lakhpati Baideo Scheme : দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সময়ত অসমৰ ৫০ গৰাকী লাখপতি বাইদেউৰ সৈতে গোলাঘাটৰ মৰমী কোঁৱৰে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে ।

গোলাঘাটৰ মৰমী কোঁৱৰৰ ভাষ্য

গোলাঘাট, 4 মাৰ্চ : শিপিনীৰ হাতৰ পৰশত সলনি হ’ব পাৰে গ্ৰাম্য অৰ্থনীতি । তাঁতশালত সুতাৰে শিপিনীয়ে গঢ় দিছে অসমৰ অৰ্থনৈতিক বুনিয়াদ । এতিয়াৰ দিনত গাঁৱৰ মহিলাই বিভিন্ন কামেৰে স্বাৱলম্বী হ’বলৈ ধৰিছে । সি লাগিলে খেতি-বাতিয়েই হওক বা বোৱা-কটাই হওক ৷ আপোনালোকলৈ আগবঢ়াইছো গোলাঘাটৰ এগৰাকী মহিলাৰ কাহিনী ৷ স্বাৱলম্বী হৈ মহিলা সৱলীকৰণৰ নিদৰ্শন দাঙি ধৰিছে গোলাঘাটৰ মৰমী কোঁৱৰে ৷ এখন চৰকাৰী আচঁনিৰ যোগেদি নিজৰ সপোনক বাস্তৱ ৰূপ দিয়াত ব্যস্ত এইসকল শিপিনী ।

গোলাঘাটৰ পুলিবৰৰ অসমী হেণ্ডলুম প্ৰডাকচন চেন্টাৰৰ চাৰিটা গোটৰ মহিলাই একত্ৰিত হৈ গামোচা, চেলেং, চাদৰ, মেখেলা আদি বোৱাত ব্যস্ত হৈ পৰিছে । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত গ্ৰামাঞ্চলৰ মহিলাসকলৰ জীৱন প্ৰণালী সলনি কৰিছে এই গৰাকী মৰমী কোঁৱৰে । চৰকাৰৰ লাখপতি বাইদেউ আঁচনিৰ অধীনত গোলাঘাট পূব উন্নয়ন খণ্ডৰ যোগেদি প্ৰথমে ১০ হাজাৰ, তাৰ পিচত ১৫ হাজাৰ আৰু ৫০ হাজাৰ টকা লাভ কৰি কিছু টনকিয়াল হৈ ASRLM আচঁনিৰ যোগেদি গোলাঘাট গ্ৰামীণ বিকাশ বেংকৰ পৰা ১ লাখ টকা ঋণ লৈ উপাৰ্জনৰ বাট মোকলাইছে মৰমী কোঁৱৰে ।

এই চাৰিখন তাঁতশালত দৈনিক ৪ খন চাদৰেই হওক বা চেলেং, মেখেলা আদি প্ৰস্তুত কৰি মাহে এক লাখৰ পৰা দেৰ লাখ পৰ্যন্ত টকা উপাৰ্জন কৰিছে মৰমী কোঁৱৰে । সুতাত ১২০০ টকা খৰচ কৰি ১৫০০ টকালৈকে লাভ কৰে প্ৰতিখন চাদৰ মেখেলাত । এই গোটৰ মহিলাসকলে কোনো গ্ৰাম্য অঞ্চলত বা চহৰ অঞ্চলত কাপোৰ বিক্ৰী নকৰে, এওঁলোকে কোনোবা গ্ৰাহকৰ আৱশ্যক হ’লেহে প্ৰস্তুত কৰি উলিয়াই ।

উদ্যম আৰু হেঁপাহ থাকিলে সকলো কামত আপুনি সফলতা লাভ কৰাটো সম্ভৱ ৷ আনৰ ওপৰত ভৰসা নকৰি ঘৰতে বহিয়েই স্বাৱলম্বী হ’ব পাৰে । লাখপতি বাইদেউ আঁচনিয়ে মহিলাসকলক সেই সুবিধাই প্ৰদান কৰিছে ! আনহাতে 9 মাৰ্চত যোৰহাটত হ’বলগীয়া এক অনুষ্ঠানত অসমৰ 50 গৰাকী লাখপতি বাইদেউৰ ভিতৰত গোলাঘাটৰ জিলাৰ পৰা একমাত্ৰ লাখপতি বাইদেউ হিচাবে মৰমী কোঁৱৰে প্ৰধানমন্ত্ৰীৰ লগত বাৰ্তালাপ কৰাৰ সুযোগ লাভ কৰিছে বুলি আমাক জানিবলৈ দিয়ে ।

উল্লেখ্য যে, গোলাঘাট জিলাৰ বিভিন্ন বিপণিৰ লগতে চৰকাৰী অনুষ্ঠানত এই গোটটোৰ গামোচা-চেলেং আদি ব্যৱহাৰ কৰাত গোটটো যথেষ্ট লাভাম্বিত হৈছে । গোলাঘাট জিলাত কেবা হাজাৰ আত্মসহায়ক গোট আছে, তাৰে ৮ হাজাৰ গোটে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিচনৰ সুবিধা লৈ অৰ্থনৈতিকভাৱে টনকিয়াল হৈ পৰিছে । এইয়া এটা উদাহৰণহে । এনে বহু মহিলাই এইদৰে নিজকে লাখপতি বাইদেউ হিচাবে স্বাৱলম্বী কৰি গ্ৰাম্য অৰ্থনীতিৰ বুনীয়াদ গঢ় দিয়াত এক শুভ বাৰ্তা কঢ়িয়াইছে ।

লগতে পঢ়ক : সৰুপথাৰত ছাত্ৰ সন্থাৰ অভিযানত গুদামৰ পৰা ম্যাদ উকলা সামগ্ৰী জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.