ETV Bharat / state

তেজপুৰ কাৰাগাৰৰ পৰা তিনি কয়েদীৰ পলায়ন

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 10:46 PM IST

Prisoners escape from jail: তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা তিনি কয়েদীয়ে পলায়ন কৰা ঘটনাই উত্তেজনাৰ সৃষ্টি কৰিছে ৷ সবিশেষ আগলৈ-

tense-situation-surrounds-in-the-city-when-three-prisoners-escape-from-tezpur-jail
পকী দেৱাল পাৰ হৈ পলায়ন

তেজপুৰ, ১৮ মাৰ্চ : তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা দেওবাৰে তিনি কয়েদীয়ে পলায়ন কৰে ৷ যোৱা নিশা তিনি কয়দীয়ে পলায়ন কৰা ঘটনাই সোমবাৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে তেজপুৰত ৷ উল্লেখ্য যে, যোৱা নিশা প্ৰায় ১১-৪৫বজাত পলায়ন কৰে এই তিনি কয়েদীয়ে ৷ এই তিনি কয়েদী হৈছে ঠেলামৰাৰ ২১ বছৰীয়া তুলেশ্বৰ তাঁতী, মিছামাৰীৰ ২১ বছৰীয়া জেহিৰুল ইছলাম আৰু চাৰিদুৱাৰৰ ২৯ বছৰীয়া ইন্দ্ৰজিত মণ্ডল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

সোমবাৰৰ বিয়লি আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, তুলেশ্বৰৰ বিৰুদ্ধে ঠেলামৰাত ভাৰতীয় দণ্ডবিধিৰ ৩৬৬ ধাৰাৰ অধীনত ৭৩/২৩ নম্বৰ গোচৰ, জেহিৰুলৰ বিৰুদ্ধে মিছামাৰী থানাত পক্স’ আইনৰ অধীনত ১/২৪ নম্বৰ গোচৰ আৰু চাৰিদুৱাৰ থানাত ইন্দ্ৰজিতৰ বিৰুদ্ধে এন ডি পি এছ আইনৰ অধীনত পঞ্জীয়ন হৈ থকা ২৯/২৩ নম্বৰ গোচৰৰ ভিত্তিত তিনিও কাৰাৰুদ্ধ হৈ আছিল ৷

কয়দী ইন্দ্ৰজিতৰ ঘৰ পশ্চিম বংগত বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকা স্বত্বেও তিনি কয়েদীয়ে এনেদৰে পলায়ন কৰা ঘটনাই যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে ৷ শিশুৰ ওপৰত যৌন নিৰ্যাতন তথা ধৰ্ষণ আৰু নিচাজাতীয় সামগ্ৰীৰ বেহাৰে জড়িত থকা তিনি দুধৰ্ষ কয়েদীৰ এই পলায়ন সন্দৰ্ভত কাৰাগাৰ কৰ্তৃপক্ষই বিশেষ কোনো কথা প্ৰকাশ কৰা নাই যদিও কাৰাগাৰৰ ভিতৰত থকা আসোঁৱাহ সন্দৰ্ভত সম্প্ৰতি প্ৰশ্ন উত্থাপন হোৱাৰ লগতে এই সন্দৰ্ভত তদন্ত আৰম্ভ হোৱা বুলিও জানিব পৰা গৈছে ৷ জানি আচৰিত হ’ব যে, তিনিও কয়েদীয়ে কাৰাগাৰৰ ওখ পকী দেৱাল পাৰ হৈ পলায়ন কৰে ৷ ইপিনে তিনিও কয়েদীৰ পলায়নৰ বিষয়ে কাৰাগাৰ অধীক্ষকে শোণিতপুৰ আৰক্ষীক জনোৱাৰ পাচত সম্প্ৰতি তিনিওৰে সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : অংগনৱাড়ী কৰ্মীৰ ভোট বর্জনৰ হুংকাৰ, তেজপুৰত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.