ETV Bharat / state

ঈদৰ নিশা অশ্লীল নৃত্যৰ অনুষ্ঠানক লৈ উত্তপ্ত পৰিস্থিতি - Eid night at Nalbari

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 10:40 PM IST

নলবাৰীৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলত ঈদৰ নিশা অশ্লীল নৃত্যৰ অনুষ্ঠান । সচেতন লোকে অনুষ্ঠানত বাধা প্ৰদান কৰাৰ বাবে মাৰপিটৰ ঘটনা । পবিত্ৰ ঈদৰ নামত অশ্লীল সংস্কৃতিক স্থান দিয়াক কেন্দ্ৰ কৰি গৰজি উঠিছে সচেতন ৰাইজ ।

Tense situation over obscene dance performance on Eid night at Nalbari
ঈদৰ নিশা অশ্লীল নৃত্যৰ অনুষ্ঠানক লৈ উত্তপ্ত পৰিস্থিতি

ঈদৰ নিশা অশ্লীল নৃত্যৰ অনুষ্ঠানক লৈ উত্তপ্ত পৰিস্থিতি

নলবাৰী,১২ এপ্ৰিল: বৃহস্পতিবাৰে সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ ইছলামধৰ্মী লোকসকলে উদযাপন কৰে পবিত্ৰ ঈদ উল ফিটৰ । পুৱাই সমূহীয়া নামাজ আদায় কৰে পবিত্ৰ ঈদ উপলক্ষে । বিগত এমাহ ধৰি পবিত্ৰ ৰোজাৰ কঠোৰ ব্ৰত পালনৰ অন্তত বৃহস্পতিবাৰে পালন কৰে ধৈৰ্য আৰু সংযমৰ প্ৰতীক ঈদ উল ফিটৰ । পিছে পবিত্ৰতা ৰক্ষা কৰি চলিছে কিমানে ? অসম্পাদিত ৰূপত সংবাদ মাধ্যমে দেখুৱাব নোৱৰা এক দৃশ্য । ঈদৰ নামত পয়োভৰ অশ্লীল নৃত্যৰ । যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নলবাৰী জিলাত ।

  • " class="align-text-top noRightClick twitterSection" data="">

পশ্চিমীয়া সংস্কৃতিৰ প্ৰয়োভৰ দেখিবলৈ পোৱা গ'ল এইবাৰ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলত । নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ সৰুচুলীয়া চৰত ঈদৰ নিশা অশ্লীল নৃত্যৰ অনুষ্ঠান । নিশা ঈদ উপলক্ষে শিয়ালমাৰী আৰক্ষী থানাৰ অন্তৰ্গত সৰুচুলীয়া চৰত স্থানীয় ৰাইন' ক্লাৱৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছিল এক সাংস্কৃতিক অনুষ্ঠানৰ । সাংস্কৃতিক অনুষ্ঠানত অসামাজিকভাৱে অৰ্ধনগ্ন যুৱতীৰ দ্বাৰা উদ্যাম নৃত্য প্ৰদৰ্শন কৰি পৰিৱেশ বিনষ্ট কৰি তোলাৰ অভিযোগ উঠিছে ।

একাংশ কিশোৰো এই অনুষ্ঠানত উপস্থিত থকা পৰিলক্ষিত হয় । এনে অসামাজিক কাৰ্য দেখি অঞ্চলটোত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । উদ্যাম নৃত্যৰ অনুষ্ঠানটো একাংশ সচেতন লোকে বন্ধ কৰিবলৈ দিয়াক কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনাও সংঘটিত হয় । উক্ত মাৰপিটৰ ঘটনাত এজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে । অতিশীঘ্ৰে এই কাৰ্যত জড়িত লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনায় স্থানীয় সচেতন ৰাইজে ।

লগতে পঢ়ক: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঈদ উল ফিটৰৰ নামাজ আদায় কৰিলে ইছলামধৰ্মী লোকসকলে - Eid Ul Fitr 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.